NORTHEAST NOW (Assamese)
অসম

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ গৃহবন্দিত্বৰ ’খবৰ’কলৈ উত্তাল ছ’চিয়েল মিডিয়া, কোন এই জেনেৰেল লি কিয়াওমিং?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 25, 2022 8:33 pm

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং বেইজিঙত গৃহবন্দী হৈ থকা বুলি একাংশ সংবাদমাধ্যমত প্ৰকাশিত বাতৰিকলৈ মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে। বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়েও বিষয়টোকলৈ টুইট কৰিছে ।চীনৰ লি কিয়াওমিং নামৰ সেনা প্ৰধানজনৰ নেতৃত্বতে জিনপিঙক গৃহবন্দী কৰা বুলি ছ২চিয়েল মিচায়াত চৰ্চা হৈছে। কিন্তু কোন এই সেনা জেনেৰেলে ?
ছ’চিয়েল মিডিয়াত বিয়পি পৰা উৰাবাতৰিসমূহ চীনৰ পৰাই উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হৈছে।

উৰাবাতৰি মতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং সামৰিক অভ্যুত্থানৰ ভাবুকিৰ সন্মুখীন হৈছে, আৰু এজন শক্তিশালী সামৰিক জেনেৰেল লি কিয়াওমিঙক দেশৰ ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত কৰা হ’ব। চীনা পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ আটাইতকৈ জ্যেষ্ঠ বিষয়াসকলৰ ভিতৰত থকা লি কিয়াওমিংয়ে ছেপ্টেম্বৰ ২০১৭ ৰ পৰা নৰ্দাৰ্ণ থিয়েটাৰ কমাণ্ডৰ কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে ।কিয়াওমিংয়ে চীনা সেনাৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছে, যাৰ ভিতৰত আছে ৩৬৪ ৰেজিমেণ্টৰ কমাণ্ডাৰ, ৩৬১ ৰেজিমেণ্টৰ চিফ অফ ষ্টাফ আদি ।

কমাণ্ডাৰ লি কিয়াওমিং চীনৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য৷ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক গৃহবন্দী কৰি ৰখাৰ উৰাবাতৰি, আৰু দেশখনত এক সম্ভাৱ্য অভ্যুত্থান সংঘটিত হোৱাৰ উৰাবাতৰিক লৈ ছ’চিয়েল মিডিয়া তৎপৰ হৈ পৰিছে এক বিশেষ ঘটনাৰ পিছত। চীনৰ দুজন প্ৰাক্তন মন্ত্ৰীক দুৰ্নীতিৰ বাবে দণ্ডিত কৰাৰ এসপ্তাহ পিছত এনে উৰা বাতৰি বিয়পি পৰিছে। ।উল্লেখ্য, এই উৰাবাতৰিটোৱে বেছি দ্ৰুত গতিত বিয়পি পৰে যেতিয়া চীনা কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতাসকলে তেওঁক পিপলছ লিবাৰেচন আৰ্মীৰ মুৰব্বী পদৰ পৰা আঁতৰাই দিয়াৰ পিছত তেওঁক গৃহবন্দী কৰা বুলি কেইবাটাও চীনা ছ’চিয়েল মিডিয়া হেণ্ডেলে টুইট কৰে ।