NORTHEAST NOW (Assamese)
অসম

কমলা হেৰিছে ভ্ৰমণ সমাপ্ত কৰি গুচি যোৱাৰ পিছতেই ক্ষেপণাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2022 8:52 am

North Korea fires two short-range ballistic missiles উত্তৰ কোৰিয়াই সাগৰত দুটা হ্ৰস্ব দূৰত্বৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰি দেশ এৰাৰ পিছতে উত্তৰ কোৰিয়াই এইদৰে মিছাইল নিক্ষেপ কৰে।

বাতৰি অনুসৰি, উত্তৰ কোৰিয়াই এসপ্তাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে এইদৰে মিছাইল নিক্ষেপ কৰিছে। শেহতীয়াকৈ পিয়ংইয়ংয়ে অস্ত্ৰ পৰীক্ষাৰ গতি বৃদ্ধি কৰিছে।

কিম জং-উনৰ দেশখনে ইয়াৰ পাৰমাণৱিক শক্তি মানি ল’বলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত চাপ সৃষ্টি কৰি আহিছে।

দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে কয় যে তেওঁলোকে দক্ষিণ পিয়ংগান প্ৰদেশৰ চাঞ্চনৰ পৰা দুটা হ্ৰস্ব দূৰত্বৰ মিছাইল নিক্ষেপৰ ঘটনা চিনাক্ত কৰিছে। এই মিছাইল নিশা প্ৰায় ৮:৪৮ বজাত পূব উপকূলৰ ফালে নিক্ষেপ কৰা হৈছিল।

ইপিনে, চিউল ভ্ৰমণৰ সময়ত কমলা হেৰিছে এছিয়াৰ সহযোগী দক্ষিণ কোৰিয়াৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিছে।