NORTHEAST NOW (Assamese)
অসম

সাধাৰণ কাজিয়াৰ পৰিণতিতে খুকুৰিৰে হানি-খুচি নৃশংসভাৱে হত্যা; আৰক্ষীৰ জালত হত্যাকাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 2, 2022 8:59 am

শনিবাৰে মহাষষ্ঠীৰ উখল-মাখল পৰিৱেশৰ মাজতে গোৱালপাৰাৰ ৰংজুলিত সংঘটিত হ’ল এক অতি নৃশংস হত্যাকাণ্ড। পূজা বুলি শহুৰৰ ঘৰলৈ যোৱা জোঁৱায়েকক খুকুৰীৰে হানি-খুচি হত্যা কৰিলে শহুৰৰ ঘৰৰ চুবুৰীয়া কবি কছাৰী নামৰ এজন লোকে ৷ হত্যাৰ বলি হোৱা যুৱকজন দুধনৈৰ শান্তিপুৰৰ বাসু উপাধ্যায়৷

জানিব পৰা মতে, পূজা বুলি দুধনৈৰ বাসুয়ে ৰংজুলিৰ ঠাকুৰীয়াপাৰাত থকা তেওঁৰ শহুৰৰ ঘৰলৈ গৈছিল। মহাষষ্ঠীৰ নিশাই যেন শেষ নিশা আছিল বাসুৰ। শহুৰৰ ঘৰৰ চুবুৰীয়া কবি কছাৰীৰ সৈতে সাধাৰণ কথাতে প্ৰথমে কাজিয়াৰ সূত্ৰপাত হয় আৰু সেই সাধাৰণ কাজিয়াই মাৰাত্মক পৰিণতিৰ সৃষ্টি কৰে ৷

প্ৰথমে বাসু উপাধ্যায় আৰু কবি কছাৰীৰ মাজত কথাৰ কটাকটি হয় আৰু সুৰামত্ত অৱস্থাত থকা কবি কছাৰীয়ে ঘৰৰ ভিতৰৰ পৰা খুকুৰী উলিয়াই বিশেষ কোনো কাৰণ নথকাকৈয়ে বাসুৰ পেট আৰু বুকুত উপৰ্যুপৰি আঘাত কৰে ৷ ফলত সেই স্থানতে ঢলি পৰে বাসু উপাধ্যায় নামৰ যুৱকজন।

 শহুৰৰ পৰিয়ালে লগে লগে আঘাতপ্ৰাপ্ত বাসুক ৰংজুলি চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

হত্যাৰ খবৰ লাভ কৰিয়ে ৰংজুলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু হত্যাকাৰী “কবি”ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ হাত্যাকাণ্ডত ব্যৱহৃত খুকুৰীখনো আৰক্ষীয়ে জব্দ কৰিছে ৷

এই হত্যাকাণ্ডই ৰংজুলিৰ সমান্তৰালভাৱে দুধনৈতো চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে পূজাৰ আনন্দ উলাহ বহুপৰিমাণে হ্ৰাস কৰিছে।