NORTHEAST NOW (Assamese)
Popular Stories

কলংকৰ দাগ! বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ, নুমাল ফ্লাডলাইট; ২৩ মিনিট বন্ধ ৰাখিবলগীয়া হ’ল খেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 3, 2022 8:49 am

প্ৰথমে সাপ, তাৰ পিছত নুমাল ফ্লাডলাইট। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয়খন টী-২০ খেল বাৰে বাৰে ব্যাহত হৈছিল। ফলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জাৰ সন্মুখীন হ’ব লগা হ’ল গুৱাহাটী।

প্ৰথমতে ভাৰতৰ ইনিংছৰ সময়ত খেলপথাৰত সাপ প্ৰৱেশ কৰাৰ বাবে খেলখন বন্ধ কৰিব লগা হৈছিল। তাৰপিছত দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ সময়ত আকৌ ফ্লাডলাইট বন্ধ হৈ যায়।

দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ তৃতীয় অভাৰত খেলপথাৰৰ ফ্লাডলাইট হঠাতে বন্ধ হৈ পৰে। ফলত খেলখন কিছু দীঘলীয়া সময়ৰ বাবে বন্ধ কৰিবলগীয়া হয়। পিছত লাহে লাহে পোহৰ অহাত খেলখন পুনৰ আৰম্ভ হয়।

২ অভাৰ আৰু ১ টা বল কৰাৰ পিছতে লাইটবোৰ বন্ধ হৈ গৈছিল। সাপৰ প্ৰৱেশ আৰু ফ্লাডলাইট নুমাই যোৱা এই দুটা পৰ্যায়ত প্ৰায় ২৩ মিনিটৰ বাবে বন্ধ হয় খেল।

https://twitter.com/Yoloapp2/status/1576575226661347329?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1576575226661347329%7Ctwgr%5E273e6f877c038166a7e4b79718f58f6ea820bf9f%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fcricxtasy.com%2Fwatch%2Fsnake-on-the-outfield-ind-sa-t20i-series-guwahati%2Fcid8681921.htm

অৱশ্যে, খেলপথাৰত ফ্লাডলাইট বন্ধ হোৱাৰ ঘটনা কোনো নতুন কথা নহয়। এইটো প্ৰায়েই ঘটি থাকে। দৰ্শকে অতীতত বহুবাৰ এনে দৃশ্য প্ৰত্যক্ষ কৰিছে। কিন্তু এখন আন্তৰ্জাতিক মানদণ্ডৰ ক্ৰিকেট খেলৰ মাজতে খেলপথাৰত কুকুৰ বা মেকুৰী নহয়, এটা সাপ প্ৰৱেশৰ ঘটনাত স্তম্ভিত সকলো।

ইয়াৰ পূৰ্বে এই ষ্টেডিয়ামতে বৰষুণ বিঘ্নিত এখন খেলত মোবাইল ফ্লাচ জ্বলাই, ইষ্ট্ৰীৰে পিটছ শুকোৱাবলৈ কৰা চেষ্টাৰ দৃশ্যই ক্ৰিকেট মহলত সৃষ্টি কৰা কৌতুকৰ কথা সকলোৰে নিশ্চয় মনত আছে।

এখন আন্তৰ্জাতিক মেচ অনুষ্ঠিত কৰাৰ খেলত যিধৰণৰ পানী নসৰকা প্ৰস্তুতিৰ প্ৰয়োজন সেয়া সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞসকলেহে নিশ্চিত কৰিব পাৰে। অসম ক্ৰিকেট সন্থাকলৈ সেয়া কেতিয়া আশা কৰিব পৰা যাব  সেই প্ৰশ্ন এতিয়া ক্ৰীড়াপ্ৰেমী সকলৰ মুখে মুখে। নহ’লে বাৰেপতি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জাৰ ৰেকৰ্ড গঢ়িব লাগিব।   

যি কি নহওক, দেওবাৰে বৰ্ষাপাৰাৰ এই সকলো লজ্জাৰ সাক্ষী হোৱা দৰ্শকে অৱশেষত ‘কিলাৰ’ৰ ৰূপত ‘মিলাৰ’ৰ ধুমুহাৰ সাক্ষী হৈ অভিভূত হৈ পৰে। সকলোৱে ডেভিদ মিলাৰৰ চকুত লগা সুন্দৰ ইনিংছটো উপভোগ কৰিলে। মিলাৰে ধুমুহাৰ গতিত বেটিং কৰি নিজৰ দলটোক প্ৰায় বিজয়ৰ ওচৰলৈ লৈ গৈছিল।

অলপৰ বাবে মিলাৰ লক্ষ্য অতিক্ৰমত ব্যৰ্থ হ’ল। মিলাৰে ৪৭ টা বলত ১০৬ ৰাণ কৰি অপৰাজিত থাকে। তেওঁ ইনিংছত ৮ টা চাৰি আৰু ৭ টা ছয় মাৰে। ষ্ট্ৰাইক ৰেট ২২৫.৫৩। ডি ককে ৪৮ টা বলত ৬৯ ৰাণ কৰি অপৰাজিত থাকে। অৱশ্যে ইমান যুঁজৰ পিছতো দক্ষিণ আফ্ৰিকাই খেলখন ১৬ ৰাণত হাৰিল।