NORTHEAST NOW (Assamese)
অসম

আই বি ডি এল পিৰ অধীনৰ আঁচনিবোৰ সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিব মেঘালয়ৰ ৰাজ্যিক পৰিকল্পনা ব’ৰ্ডে

Posted by: এন ই নাও নিউজ April 24, 2018 12:48 pm
IBDLP

মেঘালয় চৰকাৰৰ ৰাজ্যিক পৰিকল্পনা ব’ৰ্ডে ইনটিগ্ৰেটেড বেছিন ডেৱেল’পমেণ্ট এণ্ড লাইভলিহুড প্ৰম’শ্যন (IBDLP)ৰ অধীনত গ্ৰহণ কৰা বিভিন্ন আঁচনিবোৰ সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিব বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে এই IBDLP আঁচনিখন মেঘালয়ৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে প্ৰৱৰ্তন কৰিছিল আৰু ইয়াক তদানীন্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই ইয়াক ২০১২ চনৰ ৰাজ্যৰ মুখ্য আঁচনি হিচাপে প্ৰক্ষেপ কৰিছিল। ইয়াৰ জৰিয়তে তদানীন্তন চৰকাৰে ৰাজ্যজুৰি পৰিস্থিতিতন্ত্ৰৰ দিশেদি বহনক্ষম আৰু অৰ্থনৈতিকভাৱে সমতাপূৰ্ণ পৰিস্থিতিতন্ত্ৰ এটা বিকাশৰ ব্যৱস্থা কৰিছিল।

ৰাজ্যিক পৰিকল্পনা ব’ৰ্ডৰ অধ্যক্ষ লাম্বৰ মালনিয়াঙে কয় যে ব’ৰ্ডক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ কোৱা হৈছে আৰু ব’ৰ্ডেও IBDLP ৰ কাম কৰা আৰু সেইবোৰৰ বিপৰীতে যোৱা ৭ বছৰত অনুমোদিত ধনৰ পৰিমাণৰ সৈতে বিভিন্ন বিভাগবোৰক ১৫ মে’ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

আনহাতে ব’ৰ্ডে অহা ৭ মে’ত IBDLPৰ বিষয়ত এখন পৰ্য্যালোচনা সভা আয়োজন কৰিব। মুখ্য মন্ত্ৰী কনৰাড চাংমা এই পৰ্য্যালোচনা সভাত উপস্থিত থকাৰ কথা।

“ভালকৈ চালিজাৰি চোৱাৰ পিছত ব’ৰ্ডে IBDLP সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিব আৰু এইখন চৰকাৰৰ ওচৰত দাখিল কৰিব।” মালনিয়াঙে কয়।

মালনিয়াঙে লগতে কয় যে ৰাজ্যখনৰ জনসাধাৰণক উপকৃত কৰিব নোৱৰা কিছুমান প্ৰকল্প বাদ দিয়া হ’ব।

তেওঁ আৰু কয় যে ব’ৰ্ডে ৰাজনৈতিক নিযুক্তি হ্ৰাস কৰিব। ব’ৰ্ডত অৰ্থনীতিবিদ, পৰিৱেশবিদ, শিক্ষাবিদ, কৃষি বিশাৰদ আৰু ৰাজ্য চৰকাৰৰ বিষয়ববীয়া থাকিব।