NORTHEAST NOW (Assamese)
অসম

অখিল ভাৰত হিন্দু মহাসভাৰ নাম লৈ সংবাদমেল পতা সংগঠনৰ বিৰুদ্ধে সভাপতি অশ্বিনী কুমাৰ দাসৰ প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া April 24, 2018 5:14 pm

 

যোৱা ২২ এপ্ৰিলত এক সংবাদমেল যোগে হিন্দু বাংলাদেশী সন্দৰ্ভত মন্তব্য কৰা এটা সংগঠনে অখিল ভাৰত হিন্দু মহাসভাৰ নাম ব্যৱহাৰ কৰাক লৈ আজি অখিল ভাৰত হিন্দু মহাসভাৰ সভাপতি অশ্বিনী কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এই সম্পৰ্কত আজি এক সংবাদ মেল অনুষ্ঠিত কৰি দাসে কয়, ‘২২ এপ্ৰিলত অখিল ভাৰত হিন্দু মহাসভাৰ নাম ব্যৱহাৰ কৰি এটা অবৈধ সংগঠনে হিন্দু বাংলাদেশীৰ ওপৰত কিছু মন্তব্য কৰিছিল। সেই মন্তব্য আমাৰ সমিতিৰ নাছিল।’

মুকুট ডেকা আৰু ৰজনী বৰ্মন নামৰ লোক দুজনে উক্ত ভুৱা কমিটিখন চলাই আছে বুলি মন্তব্য কৰি দাসে কয়, ‘সংগঠনটোৰ নিৰ্দিষ্ট স্বীকৃতি বা আইনগত নথি-পত্ৰ নাই। হিন্দু মহাসভাৰ পূৰ্বৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে তেওঁলোকক নিযুক্তি দিছিল।’

অৱশ্যে নিৰ্দিষ্ট সংগঠনটোয়ে হিন্দু বাংলাদেশীৰ বিৰোধীতা কৰি কৰা মন্তব্যক অখিল ভাৰত হিন্দু মহাসভায়ো সমৰ্থন কৰে বুলি কৈ দাসে কয়, ‘তেওঁলোকে যি বিষয় লৈ সংবাদ মেল আয়োজন কৰিছিল সেয়া আমিও বিচাৰো। কিন্তু আমাৰ সংগঠনৰ নাম লৈ সংবাদমেল আয়োজন কৰাটো নীতি বহিৰ্ভূত কথা। তেওঁলোকৰ কোনো আইনগতভাৱে নিযুক্তি পত্ৰ নাই।’

পৰবৰ্তী সময়ত সংগঠনটোৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় কমিটিৰ সৈতে আলোচনা কৰি আইনগত ব্যৱস্থা লোৱাৰ কথাও আজিৰ সংবাদমেলত তেওঁ সদৰী কৰে।

আনহাতে অখিল ভাৰত হিন্দু মহাসভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰে বুলি আজিৰ সংবাদমেলত স্পষ্ট কৰি দাসে কয়, ‘বাংলাদেশীৰ জাত-পাত নাই, মিঞাই হওক বা হিন্দুৱেই হওক বাংলাদেশী বাংলাদেশীয়েই।’