NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘৰত ওলাল ৫ ফুট দৈৰ্ঘ্যৰ ‘এছিয়াটিক ৱাটাৰ স্নেক’

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 15, 2022 12:55 pm

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘৰত এডাল সাপ উদ্ধাৰ হোৱাকলৈ আতংকৰ সৃষ্টি হৈছে। ঘটনাটো বৃহস্পতিবাৰৰ পুৱা ঘটিছিল যদিও আজিহে এই বিষয়ে প্ৰকাশ কৰা হৈছে।অমিত শ্বাহৰ বাসভৱনৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাকৰ্মীয়ে প্ৰকাশ কৰা মতে সাপডাল দেখাৰ পিছতে বন বিভাগক খবৰ দিয়া হয়।

বিশেষ সূত্ৰে জানিব পৰা মতে সাপডাল বিষাক্ত নাছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ঘৰৰ চৌহদত সাপডাল দেখা পোৱাৰ লগে লগে আতংকৰ সৃষ্টি হয়। পিছত বন বিভাগৰ দুজন কৰ্মী আহি সাপডাল উদ্ধাৰ কৰে। পাঁচ ফুট দীঘল সাপডালৰ নাম হৈছে ‘এছিয়াটিক ৱাটাৰ স্নেক’ ।

সাপডাল এখন কাঠৰ তক্তাৰ তলত লুকাই আছিল বুলি জানিব পৰা গৈছে। সৰ্প বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে এনে সাপ সাধাৰণতে পুখুৰী বা ডুবিৰ দৰে সৰু জলাশয়ৰ কাষত থাকে।

১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনত এই প্ৰজাতিৰ সাপৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। দিল্লীৰ বিভিন্ন স্থানৰ পৰা বিগত কিছুদিন এনে ৭০ ডাল সাপ উদ্ধাৰ কৰা হৈছে বুলি দিল্লী প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে ।