NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়াব ৱিণ্ট্ৰব চিকিৎসালয়ে

Posted by: এন ই নাও নিউজ April 24, 2018 6:43 pm
HEALTH-CHECKUP-CAMP at gauhati press club

গুৱাহাটীৰ ৱিন্ট্ৰব হস্পিটেলে ( Wintrobe Hospital ) অহা ২৮ এপ্ৰিলত গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিক পৰিচালনা কৰিব।

অহা শনিবাৰে আবেলি ৩ বজাৰ পৰা ৫ বজালৈ মীডিয়া ক্লিনিকটোত বিনামূলীয়াকৈ সেৱা আগবঢ়াব অস্থি শল্য বিশেষজ্ঞ ডাঃ জয় দীপ ঘোষে। ক্লিনিকটোত সাংবাদিকসকলে ওজন আৰু ৰক্তচাপো পৰীক্ষা কৰাব পাৰিব।

প্ৰে’ছ ক্লাবৰ যোৱা ক্লিনিকটোত সেৱা আগবঢ়াইছিল গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ৰ ডাঃ চন্দন মুদকে।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।