NORTHEAST NOW (Assamese)
দেশ

কেদাৰনাথত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা: পাইলটসহ সাত গৰাকী লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2022 1:41 pm
helicoptor crash in Uttarakhand

উত্তৰাখণ্ডৰ কেদাৰনাথৰ কাষত কিছুসময় পূৰ্বে এক ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছে এখন হেলিকপ্টাৰ। কেদাৰনাথৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত্বৰ গৰুড় চাট্টিত এই দুৰ্ঘটনা সংঘটিত হৈছিল।

এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী পাইলটসহ প্ৰায় সাতগাৰকী লোকে। দুৰ্ঘটনাগ্ৰস্ত আৰ্য এভিয়েচন হেলিকপ্টাৰখন গুপ্তাকাশীৰ ফাটা হেলিপেডৰ পৰা কেদাৰনাথ অভিমুখে ৰাওনা হৈছিল।

প্ৰকাশিত খবৰ অনুসৰি, গৰুড় চাট্টিৰ ওপৰেৰে পাৰ হোৱাৰ সময়তে হেলিকপ্টাৰখনত জুই লাগে। দুৰ্ঘটনাৰ পাছতে তাৎক্ষণিকভাৱে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

অৱশ্যে এইপৰ্যন্ত হেলিকপ্টাৰখনত জুই লগাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত এক বিভাগীয় তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ এক সূত্ৰই জানিবলৈ দিছে।

উল্লেখ্য যে কেদাৰনাথ তীৰ্থযাত্ৰাৰ বাবে যোৱা তীৰ্থযাত্ৰীসকলৰ অধিকাংশই যদিও বিপদসংকুল স্থলপথেৰেই ভ্ৰমণ কৰে, বহু লোকে গুপ্তাকাশীৰ পৰা বিভিন্ন হেলিকপ্টাৰ সেৱা ব্যৱহাৰ কৰে। এই বিমান যাত্ৰাতো অৱশ্যে বতৰে বিভিন্ন সময়ত অসুবিধাৰ সৃষ্টি কৰে।