NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইনৰ চাৰিটা অধিকৃত অঞ্চলো পাৰমাণৱিক সুৰক্ষাত থাকিব: ৰাছিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2022 7:07 pm

ৰাছিয়াই কৈছে যে ইউক্ৰেইনৰ পৰা অধিকৃত চাৰিটা অঞ্চলো পাৰমাণৱিক সুৰক্ষাৰ অধীনত থাকিব। ক্ৰেমলিনে মঙলবাৰে এক বিবৃতিত এই কথা সদৰী কৰে।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে কয়, “এই অঞ্চলবোৰ ৰাছিয়ান ফেডাৰেচনৰ এক অবিচ্ছেদ্য অংশ আৰু সুৰক্ষিত। তেওঁলোক সকলোৰে বাকী ৰাছিয়াৰ দৰে একে সুৰক্ষা থাকিব।‘’

লগতে পঢ়ক: যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ ১০৮ গৰাকী মহিলা বন্দীক মুকলি কৰি দিলে ৰাছিয়াই

উল্লেখ্য যে যোৱা মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিতৰ্কিত গণভোটৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইউক্ৰেইনৰ চাৰিটা অঞ্চল জাপোৰিজজিয়া, খেৰচন, ডনেটস্ক আৰু লুহানস্কক ৰাছিয়াৰ অংশ হিচাপে ঘোষণা কৰিছিল।

আনহাতে, পুটিনে লগতে সতৰ্ক কৰি দিছিল যে অঞ্চলটোৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।