NORTHEAST NOW (Assamese)
অসম

গুজৰাটী লোকক উপহাস কৰা সকলক পাঠ শিকোৱাৰ প্ৰয়োজন: জুনাগড়ত মোদী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 20, 2022 9:13 am
Modi-28

সমাগত গুজৰাট বিধানসভাৰ নিৰ্বাচন। এনে সময়তে পঞ্জাৱৰ দৰেই গুজৰাটতো আম আদমী পাৰ্টীয়ে অঘটন ঘটাব পাৰে বুলি বহুতে আলোচনা কৰিছে। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে সঘনাই গুজৰাট ভ্ৰমণ কৰি ৰাজ্য খনৰ ভোটৰৰ মন জয় কৰিবলৈ চেষ্টা কৰি আছে। সেয়ে স্বাভাৱিকতে শংকিত হৈছে বিজেপি।

বিজেপিয়েও ৰাজ্য খনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিছে। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ গুজৰাটৰ জুনাগড়ত এক ৰেলীত অংশগ্ৰহণ কৰি নাম নোলোৱাকৈয়ে আপক উদ্দেশ্যি কয়– গুজৰাটীসকলৰ সফলতা কিছুমান লোকে ভাল নাপায়। এনে লোকসকলক এটা পাঠ শিকাওক। মিছা কোৱা নেতিবাচক লোকৰ পৰা আঁতৰি থাকিব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যদি দেশৰ কোনো বিশেষ সম্প্ৰদায়ৰ ব্যক্তিয়ে কোনো সফলতা অৰ্জন কৰে, তেন্তে আপুনি গৌৰৱান্বিত হ’বনে নাই? দক্ষিণ ভাৰতৰ বিজ্ঞানীসকলে ইছৰোত সফলতা অৰ্জন কৰিলে আপুনি সুখী হ’বনে? হাৰিয়ানাৰ এজন যুৱকে অলিম্পিকত সোণৰ পদক জিকিলে আপুনি সুখী হ’বনে? কিন্তু যোৱা দুটা দশক ধৰি আমি এনে কিছুমান মানসিকতাৰ লোক দেখি আহিছো যিয়ে গুজৰাট বা কোনো গুজৰাটীৰ সফলতা ভাল নাপায়। তেওঁলোকে গুজৰাটক অপমান কৰে আৰু গুজৰাটীসকলক গালি দিয়ে।

মোদীয়ে কয় “কিছুমান ৰাজনৈতিক দলে অনুভৱ কৰে যে তেওঁলোকে গুজৰাট আৰু গুজৰাটীসকলক দুৰ্ব্যৱহাৰ নকৰিলে তেওঁলোকৰ আদৰ্শ বজাই ৰাখিব নোৱাৰিব । আপুনি নাভাবেনে যিসকলে গুজৰাটক দিন-ৰাতি অপমান কৰে তেওঁলোকক এটা পাঠ শিকোৱা উচিত বুলি? উল্লেখ্য দুদিনীয়া ভ্ৰমণসূচীলৈ মোদী গুজৰাটলৈ গৈছে। তেওঁ ২০ অক্টোৱৰৰ দিনটো গুজৰাটতে থাকিব।