NORTHEAST NOW (Assamese)
অসম

দুধনৈত শোকাৱহ ঘটনা; তীব্ৰ বেগী ৰে’লে মহটিয়ালে এটি কিশোৰক, থিতাতে মৃত্যু

Posted by: নীলমনি শর্মা, কৃষ্ণাই Updated by: নীলমনি শর্মা, কৃষ্ণাই October 23, 2022 11:35 am

দিপাৱলীৰ প্ৰাকক্ষণত দুধনৈত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰাণ গ’ল এটি কিশোৰৰ ৷ দুই নং শান্তিপুৰত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনাটো৷

ৰাতিপুৱা ৰে’ল পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত কিশোৰটিক এখন তীব্ৰবেগী ৰে’লে মহটিয়াই নিয়ে ৷ ফলত থিতাতে নিহত হয় বিশাল বৰ্মন নামৰ কিশোৰটিৰ ৷

লগতে পঢ়ক: ৰংজুলিত বহু হেক্টৰ ভূমিৰ ধাননি খাই তহিলং কৰিলে বন্যহস্তীয়ে; মূৰে-কপালে হাত কৃষকৰ

ৰে’লৰ খুন্দাত ছিন্ন-ভিন্ন হৈ পৰে কিশোৰটিৰ দেহ ৷ ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱাৰপাৰা অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দিপাৱলীৰ প্ৰাকক্ষণত কিশোৰটিৰ এনে অকাল মৃত্যুত সমগ্ৰ দুধনৈ অঞ্চলত শোকৰ ছাঁ পৰিছে।