NORTHEAST NOW (Assamese)
অসম

পত্নীৰ সহায় লৈ হানি ট্ৰেপিং, মুম্বাইত গ্ৰেপ্তাৰ এজনক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 26, 2022 4:47 pm

ধন ঘটাৰ সহজ পন্থা হিচাবে হানি ট্ৰেপিঙক বাছি লোৱা এজন লোকক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিজৰ পত্নীকে এই কামত ব্যৱহাৰ কৰা ৰিয়াজ ভাটি নামৰ লোক জনৰ ডাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক থকাৰ কথাও প্ৰমাণ হৈছে। ভাটিয়ে মুম্বাইৰ এজন ব্যৱসায়ীৰ পৰা ২৪.৮৫ লাখ টকা পত্নীৰ সৈতে মিলি সৰকাইছিল।

ভাটিক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।জানিব পৰা মতে বিগত বৰ্ষৰ ২১ নৱেম্বৰত ভাৰ্ছোভা আৰক্ষী থানাই এজন ব্যৱসায়ীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত ৫৪ বছৰীয়া ভাটিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। অভিযোগকাৰীয়ে অভিযোগ কৰিছিল যে ভাটিয়ে হানি ট্ৰেপিঙৰ আশ্ৰয় লৈ ২৪.৮৫ লাখ টকা সৰকাই নিছে। অভিযোগকাৰী লোক জন এজন সোণৰ ব্যৱসায়ী । ভাটিয়ে এগৰাকী যৌন কৰ্মীৰ জৰিয়তে তেওঁক ব্লেক মেইলিং কৰাৰ চেষ্টা চলাইছিল বুলিও লোকজনে প্ৰকাশ কৰিছে।

মহিলাগৰাকীয়ে লোকজনৰ সৈতে অন্তৰংগ মুহূৰ্তৰ এটা ভিডিঅ’ শ্বুট কৰিছিল মানহানিৰ ভয়তলোক জনে ভাটিক ২৪.৮৫ লাখ টকা পৰিশোধ কৰিছিল । অৱশ্যে, তেওঁ পিছত গম পাইছিল যে মহিলাগৰাকী যৌন কৰ্মী নাছিল, তেওঁ ভাটিৰ পত্নীহে আছিল। নিজৰ পত্নীকে এনেদৰে যৌন কৰ্মী হিচাবে ব্যৱহাৰ কৰাৰ কথাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।