NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰসংঘৰ বৈঠকত সন্ত্ৰাসবাদক সভ্যতাৰ ডাঙৰ সংকট আখ্যা বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 29, 2022 5:33 pm

সন্ত্ৰাসবাদে ছানি ধৰিছে বিশ্বক। ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই ভাৰতেও। এনে সময়তে আজি সন্ত্ৰাসবাদ সন্দৰ্ভত কেতবোৰ অতি গুৰুত্বপূৰ্ণ কথা ক’লে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয় শংকৰে।জয়শংকৰে কয় যে সন্ত্ৰাসবাদ হৈছে সভ্যতাৰ আটাইতকৈ ডাঙৰ সংকট।

জয়শংকৰে শনিবাৰে নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত এইকথা কয়। তেওঁ লগতে এইবুলি উল্লেখ কৰে “বিগত বৰ্ষবোৰত মুক্ত মনৰ মানুহক সন্ত্ৰাসবাদীসকলে আকৰ্ষণ কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। তেওঁলোকে ছ’চিয়েল মিডিয়াও ব্যৱহাৰ কৰিছে।হাতত বন্দুক লোৱা মাওবাদী আৰু হাতত কলম থকা বিপ্লৱী দুয়োকে পৰাস্ত কৰিবলৈ কালি মোদীয়ে আহ্বান জনাইছিল।

তেওঁ কৈছিল যে নগৰীয়া নক্সালসকলে যুৱ সম্প্ৰদায়ক কলম ধৰি সহায় কৰি ভুল পথেৰে লৈ যাবলৈ চেষ্টা কৰি আছে। ইয়াক বন্ধ কৰিবই লাগিব। জয়শংকৰেও কৰা মন্তব্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে কেন্দ্ৰই সৰ্বশক্তি প্ৰয়োগেৰে বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিব। কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ উপত্যকাটোত লাখ লাখ সেনা মোতায়েন কৰা হৈছে।