NORTHEAST NOW (Assamese)
Popular Stories

দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়াই ক্ষতিগ্ৰস্ত বন্দে ভাৰত এক্সপ্ৰেছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2022 8:41 pm
Vande Bharat Express

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাকজমকতাৰে দেশবাসীৰ নামত মুকলি কৰা বহুচৰ্চিত বন্দে ভাৰত এক্সপ্ৰেছ নামৰ দ্ৰুত গতিৰ ৰেলখনক বিপদে যেন লগ নেৰা হৈছে।

উদ্বোধনৰ পাছৰ পৰাই দুবাৰকৈ দুৰ্ঘটনাগ্ৰস্ত হোৱা ৰে’লখন আজি পুনৰ যাত্ৰাৰ সময়তে এটা ষাঁড় গৰুক খুন্দিয়াই ক্ষতিগ্ৰস্ত হৈছে।

গান্ধীনগৰ-মুম্বাই পথত চলাচল কৰা ‘ছেমি-হাই স্পীড’ৰ ৰেলখনে আজি দিনৰ ভাগত যাত্ৰাপথতে গুজৰাটত এটা ষাঁড় গৰুক খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ পিছত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে প্ৰায় ১৫ মিনিটৰ ৰখাই থ’ব লগা হয় ৰে’লখন। দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ সন্মুখৰ অংশ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও দুবাৰকৈ জন্তুৰ খুন্দাত ক্ষতিগ্ৰস্ত হৈছিল ৰে’লখন। মুকলিৰ পাঁচদিন পাছতেই এটা গৰুক খুন্দা মাৰিছিল ৰে’লখনে।

তাৰ পিছদিনাই ৰে’লখনে যাত্ৰাপথত পুনৰ চাৰিটা ম’হক খুন্দা মাৰিছিল। দুৰ্ঘটনাৰ পাছত ক্ষতিগ্ৰস্ত হোৱা ৰে’লখনৰ ফটোসমূহ ভাইৰেল হোৱাৰ পিছত ইয়াৰ ডিজাইনক লৈ কিছু বিতৰ্কৰো সৃষ্টি হৈছিল।

এনে বিতৰ্কৰ মাজতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’লখন জন্তুৰ সৈতে সংঘৰ্ষ হোৱাটো অনিবাৰ্য বুলি দাবী কৰি ৰে’লখনৰ নক্সা প্ৰস্তুত কৰোঁতে এইকথা মনত ৰখা হৈছিল বুলি মন্তব্য কৰিছিল।

উল্লেখ্য যে বন্দে ভাৰত অভিযানৰ অধীনস্থ তৃতীয় যাতায়ত সেৱাৰ ৰূপত যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’লখনৰ ফ্লেগ অফ কৰিছিল।

উদ্বোধনৰ সময়ত মোদীয়ে গান্ধীনগৰৰ পৰা আহমেদাবাদৰ কালুপুৰ ৰে’ল ষ্টেচনলৈ যাত্ৰাও কৰিছিল।