NORTHEAST NOW (Assamese)
অসম

প্ৰৱঞ্চনাৰে ১,৫৩০ কোটি টকা সৰকাই চিবিআইৰ জালত বস্ত্ৰ উদ্যোগৰ সঞ্চালক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 30, 2022 4:06 pm

দেশত বেংক জালিয়াতিৰ ইটোৰ পিছত সিটোকৈ ঘটনা পোহৰলৈ আহিছে। জালিয়াতিৰে জাহাৰ হাজাৰ কোটি টকা সৰকাই বহুতে বিদেশলৈ পলায়ন কৰাৰো উদাহৰণ আছে।

তেওঁলোকৰ ভিতৰত মেহুল চকছিকে ধৰি আন বহু কেইজন লোক আছে। এইবাৰ বেংকৰ পৰা ১,৫৩০ কোটি টকা সৰকাই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে লুধিয়ানাস্থিত কাপোৰ নিৰ্মাণ কোম্পানী এটাৰ এজন সঞ্চালকক। চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে লুধিয়ানাৰ এছইএল টেক্সটাইলৰ সঞ্চালক নীৰজ চালুজাই বেকৰ পৰা কোটি কোটি টকা সৰকাই দীৰ্ঘদিন ধৰি সাৰি আছিল।
২০২০ চনৰ ৬ আগষ্টত চিবিআইয়ে পঞ্জাৱস্থিত কাপোৰ নিৰ্মাণ কোম্পানীৰ কেইবাজনো সঞ্চালকক গ্ৰেপ্তাৰ কৰিছিল। কোম্পানীটোৰ পঞ্জাৱৰ মালৌট, নৱানচহৰ, ৰাজস্থানৰ নেমৰানা আৰু হাৰিয়ানাৰ হাঁচীতো কাৰ্যালয় আৰু কাৰখানা আছে।সেই সময়তো চিবিআই বিষয়াসকলৰ হাতত এই বিষয়ত যথেষ্ট তথ্য আহিছিল।

 কাপোৰ নিৰ্মাণ কোম্পানীবোৰৰ সঞ্চালকসকলক নিৰীক্ষণ কৰি আছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। চালুজা সেই পৰিচালকসকলৰ মাজৰে এজন আছিল।চালুজাক মোহালিৰ এখন বিশেষ চিবিআই আদালতত হাজিৰ কৰোৱা হৈছে।

অভিযোগআনুসৰি চালুজা আৰু বাকী অভিযুক্তসকলে ব্যৱসায়ৰ নামত ভাৰতীয় কেন্দ্ৰীয় বেংকৰ পৰা বৃহৎ ঋণ লৈছিল । তেওঁ কম দামত কেঁচামাল ক্ৰয় কৰি বেংকক ভুৱা বিলো দিছিল। লোকজনে আনকি বোংকৰ ঋণ পৰিশোধৰ পৰাও বিৰত আছিল। এনেবোৰ অভিযোগৰ ভিত্তিতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।