NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

জীৱন নাট সামৰিলে আফ্ৰিকান কিংবদন্তী দিদাই: কেনিয়াৰ চাভো ইষ্ট নেচনেল পাৰ্কত দিদাৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2022 10:36 am
Dida Kenya's famous elephant

দীঘল দাঁতৰ বাবে জনাজাত আফ্ৰিকান বৃহদাকাৰ দাঁতৰ মাইকী হাতী দিদাৰ মৃত্যু ঘটিছে। ৬৫ বছৰ বয়সত কেনিয়াৰ চাভো ইষ্ট নেচনেল পাৰ্কত মৃত্যু বৰণ কৰে দিদাই।

কেনিয়া বন্যপ্ৰাণী সেৱাই এক বিবৃতিত স্বাভাৱিক বয়সজনিত কাৰণত দিদা নামৰ এই হাতীটোৰ মৃত্যু হয় বুলি সদৰী কৰিছে।

বিবৃতিটোত বিভাগটোৱে কয়, “আমি দিদাৰ মৃত্যুত মৰ্মাহত। চাভো ইষ্ট নেচনেল পাৰ্কত বাস কৰা দিদা সম্ভৱতঃ আফ্ৰিকাৰ সৰ্ববৃহৎ মাইকী টাস্কাৰ। বৃদ্ধ বয়সৰ বাবে প্ৰাকৃতিক কাৰণত দিদাৰ মৃত্যু হৈছে। প্ৰায় ৬০-৬৫ বছৰ বয়সলৈকে সম্পূৰ্ণ জীৱন অতিবাহিত কৰিলে।”

 

বিবৃতিটোত লগতে কোৱা হৈছে, “যিসকলে ফটো তথা ভিডিঅ’ৰ জৰিয়তে দিদাক চিনি পাইছিল, অথবা যিসকলে দিদাক প্ৰত্যক্ষভাৱে দেখা পাই আনন্দিত হৈছিল, তেওঁলোকে দিদাক মনত ৰাখিব।”

উল্লেখ্য যে দিদা নামৰ এই মাইকী হাতীটো দাঁতৰ বাবে জনাজাত আছিল। সাধাৰণতে মাইকী হাতীৰ ক্ষেত্ৰত এনে বিশালাকাৰ দাঁত যথেষ্ট বিৰল।

কেৱল কেনিয়াই নহয়, সমগ্ৰ আফ্ৰিকাৰ ভিতৰতে আটাইতকৈ জনাজাত বিশালাকাৰ হাতীৰ ভিতৰত দিদা আছিল অন্যতম।