NORTHEAST NOW (Assamese)
অসম

পিয়াহৰ এটুপি পানী : হোজাইৰ এন আৰ চি কেন্দ্ৰত বিনামূলীয়াকৈ যোগান নীলবাগান যুৱ সমাজৰ

Posted by: নিখিল মুন্দ্ৰা April 25, 2018 8:09 pm
hojai assam

হোজাই জিলাৰ নীলবাগান আৰু ডবকাৰ এন আৰ চি সেৱা কেন্দ্ৰত আজি ২৫ এপ্ৰিলৰ পৰা বিনামূলীয়াকৈ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছে নীলবাগান যুৱ সমাজ নামৰ এক সংগঠনে।

এন আৰ চি সেৱা কেন্দ্ৰলৈ বংশবৃক্ষ পৰীক্ষণৰ বাবে দূৰ-দূৰণিৰ পৰা অহা লোকসকলক পিয়াহৰ এটুপি পানী যোগানৰ বাবে এই ব্যৱস্থা কৰা হৈছে।

নীলবাগান যুৱ সমাজৰ বাচিত আলম চৌধুৰী আৰু কাফিলুদ্দিন বৰভূঞাই জনাই ‘দূৰণিৰ পৰা অহা লোকসকলক সহায় কৰাটোৱেই আমাৰ উদ্দেশ্য। আমাৰ এই ধনাত্মক কাৰ্য্যসূচীটোৰ পৰা আনসকলেও প্ৰেৰণা লৈ সমাজৰ কল্যাণৰ বাবে আগবাঢ়ি অহাটো আমি আশা কৰো।’

নীলবাগান যুৱ সমাজৰ অনম হুছেইন, মুস্তাফা আল আমিন, ৰাজীৱ হুছেইন, ৰফিকুদ্দিন আৰু মেহবুব হুছেইনৰ বৰঙণিৰে এই কাৰ্য্যসূচীটো সফলকাম হৈছে বুলি জনাইছে সংগঠনটোৱে।

এন আৰ চি কেন্দ্ৰলৈ অহা লোকসকলৰ লগতে কেন্দ্ৰৰ বিষয়াসকলেও নীলবাগান যুৱ সমাজৰ এই কামক ভূয়সী প্ৰশংসা কৰিছে।