NORTHEAST NOW (Assamese)
দেশ

বিদ্যালয়ৰ মাচুল পৰিশোধত পলম হোৱাৰ বাবে হাৰাশাস্তিৰ অভিযোগ: কোঠাৰ ভিতৰতে আত্মহত্যা অষ্টম শ্ৰেণীৰ ছাত্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 11, 2022 3:22 pm
Class 8 student suicide

শিক্ষাৰ ব্যক্তিগতকৰণৰ ফলত নামি অহা ভয়াৱহতাই দেশৰ সচেতন মহলক সদায়ে উদ্বিগ্ন কৰি ৰাখিছে। শিক্ষাৰ ব্যক্তিগতকৰণে সৃষ্টি কৰা ভয়াৱহতাৰ এক চাঞ্চল্যকৰ উদাহৰণ সম্প্ৰতি পোহৰলৈ আহিছে যোগী আদিত্যনাথ শাসিত উত্তৰ প্ৰদেশত।

ৰাজ্যখনৰ গাজিয়াবাদত এগৰাকী ১৫ বৰ্ষীয় ছাত্ৰই নিজৰ কোঠাৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰাৰ পাছত সমুখলৈ আহিছে আত্মহত্যাৰ আঁৰত থকা এক উদ্বেগজনক কাৰণ।

প্ৰিন্স নামৰ মৃত ছাত্ৰগৰাকীয়ে গাজিয়াবাদৰ থানা চিহানী গেটত অৱস্থিত এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়ন কৰিছিল।

ছাত্ৰগৰাকীৰ পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিয়া মতে প্ৰিন্সে অধ্যয়ন কৰা বিদ্যালয়ত মাচুল জমা দিয়া নাছিল বাবে বিদ্যালয় কৰ্তৃপক্ষই তেওঁক বাৰে বাৰে হাৰাশাস্তি কৰিছিল।

প্ৰিন্সৰ পিতৃৰ ভাষ্য মতে তেওঁ যোৱা ৬ মাহ ধৰি তেওঁৰ সন্তানৰ মাচুল পৰিশোধ কৰিব পৰা নাছিল। ইয়াৰ ফলশ্ৰুতিত প্ৰিন্সক বিদ্যালয়ত দৈনিক হাৰাশাস্তি কৰা হৈছিল আৰু আন শিক্ষাৰ্থীৰ সন্মুখতো উৎপীড়ন কৰা হৈছিল।

এনে পৰিস্থিতিত প্ৰিন্সে অপমানিত অনুভৱ কৰিছিল আৰু বৃহস্পতিবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত নিজৰ কোঠাৰ ভিতৰত সোমাই আত্মহত্যা কৰিছিল।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত ছাত্ৰগৰাকীৰ পৰিয়ালৰ সদস্যসকলে বিদ্যালয় পৰিচালনাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে।

স্থানীয় আৰক্ষীৰ এগৰাকী বিষয়াই এই বিষয়ত ছাত্ৰগৰাকীৰ পৰিয়ালৰ অভিযোগ লাভ কৰাৰ পিছতে তদন্তত নামি পৰিছে বুলি জানিবলৈ দিছে।