NORTHEAST NOW (Assamese)
অসম

বদৰপুৰত ৰাষ্ট্ৰীয় জলপথৰ টাৰ্মিনেল নিৰ্মাণৰ কাম শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ April 26, 2018 8:20 am

ৰাজ্যৰ জল পৰিবহন যোগাযোগ সুচল কৰাৰ অংশ হিচাপে কালি বুধবাৰে বৰাকৰ বদৰপুৰত কেন্দ্ৰীয় ৰাজ্যিক বিত্ত আৰু জাহাজ পৰিবহন মন্ত্ৰী পি ৰাধাকৃষ্ণনে ৰাষ্ট্ৰীয় জলপথৰ টাৰ্মিনেল নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে।

ৰাষ্ট্ৰীয় জলপথ-১৬ৰ অন্তৰ্গত বৰাক নদীৰ  বদৰপুৰঘাট টাৰ্মিনেল পুনৰুজ্জীৱিত কৰাৰ কাম শুভাৰম্ভ কৰি, অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লোৱা, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশ-বিদেশৰ সৈতে ব্যৱসায়-বাণিজ্য বৃদ্ধি কৰাত এই টাৰ্মিনেলে গুৰুত্বপুৰ্ণ ভুমিকা ল’ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে বদৰপুৰ আৰু কৰিমগঞ্জ জিলাৰ ভাংগাত টাৰ্মিনেল নিৰ্মাণৰ বাবে কেন্দ্ৰৰ ফালৰ  পৰা ক্ৰমে ১,৪১৭ কোটি আৰু ২,১৫৯ কোটি টকা মুকলি কৰি দিয়া হৈছে।

তেওঁ সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ অৰ্থনৈতিক আৰু পৰ্যটন ব্যৱস্থাৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে।

বদৰপুৰ ঘাটত কালি অনুষ্ঠিত উক্ত সভাত আভ্যন্তৰীন জল পৰিবহন বিভাগৰ সঞ্চালক এছ কে গংগোৱাৰ, ভাৰতভূষণ দেব চৌধুৰী, বিধায়ক কিশোৰ নাথ আৰু মিহিৰ সোমে অংশগ্ৰহণ কৰিছিল।