NORTHEAST NOW (Assamese)
অসম

শিলচৰত বৃহৎ পৰিমানৰ নিচাযুক্ত ড্ৰাগছ জব্দ, ৩ জনক আটক

Posted by: শিবাশিস চক্ৰৱৰ্তী April 26, 2018 9:15 am

এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কালি অৰ্থাৎ বুধবাৰে শিলচৰ নগৰখনৰ সমীপৰ এক অঞ্চলৰ পৰা এক বৃহৎ পৰিমানৰ নিচাযুক্ত নাৰ্কটিক্স ড্ৰাগছ আৰু ব্ৰাউন ছুগাৰ জব্দ কৰে।

নিশা প্ৰায় ৭ বজাত চলোৱা এই অভিযানত উধৰব’ন্দ আৰক্ষীৰ এক দলে এগৰাকী মহিলাৰ সৈতে ৩ জন লোকক আটক কৰাৰ লগতে এ এছ ১১ জে ০৪৭৭ নম্বৰৰ এখন মাৰুটি ৱেগ’নাৰ গাড়ী জব্দ কৰে।

এই সম্পৰ্কত আৰক্ষীয়ে আটক কৰা লোক কেইজনক সোনাই আৰক্ষী থানৰ অন্তৰ্গত সাদিন বজাৰৰ প্ৰয়াত মইনুল মজুমদাৰৰ পুত্ৰ বাহাৰ উদ্দিন (২৫), কাচুডাৰাম গাঁৱৰ প্ৰয়াত ইলিয়াচ আলীৰ পুত্ৰ আব্দুল ৰুফ (৩২) আৰু ৰামনগৰ গাঁৱৰ ছাইদুল লস্কৰৰ পত্নি মাৰ্চি কুকি (২৭) বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত উধৰব’ন্দ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।