NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত সেনাৰ কনভয়ত আক্ৰমণ: আক্ৰমণৰ আঁৰত আলফা (স্বাধীন) জড়িত থকাৰ সন্দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 14, 2022 5:44 pm
army convoy attacked

আজি পুৱা তিনিচুকীয়া জিলাত সেনাৰ কনভয়ত এক ভয়াৱহ আক্ৰমণ সংঘটিত কৰে অচিনাক্ত উগ্ৰপন্থী সংগঠনে। প্ৰতিৰক্ষা পিআৰঅ’ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে গুৱাহাটীত এই আক্ৰমণৰ বিষয়ে সদৰী কৰিছে।

সেনা বিষয়া গৰাকীৰ ভাষ্য মতে জিলাখনৰ ডিগবৈ-পেঙেৰী অঞ্চলৰ বৰপথাৰত সেনাৰ কনভয়টোৰ ওপৰত পুৱা প্ৰায় ৯.২০ বজাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে কাষৰ অৰণ্যৰ পৰা গুলীচালনা কৰে।

তেওঁ লগতে জানিবলৈ দিয়া মতে সেনাৰ দলটোৱে লগে লগে প্ৰতি আক্ৰমণ কৰাৰ ফলত আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই আক্ৰমণত অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি ৰাৱাটে লগতে কয়।

ৰাৱাটে উল্লেখ কৰা মতে আক্ৰমণৰ আঁৰত থকা উগ্ৰপন্থী দলটোক এতিয়াও চিনাক্ত কৰা হোৱা নাই। আক্ৰমণৰ পাছতে সেনাই অভিযান আৰম্ভ কৰে বুলি বিষয়াগৰাকীয়ে লগতে কয়।

এতিয়ালৈকে যদিও কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই, আৰক্ষীয়ে আক্ৰমণত আলফা (স্বাধীন) জড়িত থকাৰ সন্দেহ কৰিছে।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয়, “এয়া সম্ভৱতঃ আলফা (স্বাধীন)ৰ কাম। আমি আক্ৰমণকাৰীৰ পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা কৰি আছো।”

ইফালে স্থানীয় লোকে ঘটনাস্থলীত এক ডাঙৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা বুলি দাবী কৰিছে।