NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত ‘ডনি পোলো’ বিমানবন্দৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 19, 2022 5:09 pm

২০১৯ চনতে আধাৰশিলা স্থাপন কৰা অৰুণাচলৰ গ্ৰীণফিল্ড বিমানবন্দৰ বিমানবন্দৰ আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইটানগৰৰ ওচৰৰ হোলোংগীত বিমানবন্দৰটোৰ নিৰ্মাণ কৰা হৈছে। মোদীয়ে আজি বিমানবন্দৰটোৰ লগতে ৬০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ সামৰ্থ্য থকা কামেং জলবিদ্যুৎ প্ৰকল্পও উদ্বোধন কৰে।

উল্লেখ্য ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মোদীয়ে এই বিমানবন্দৰটোৰ আধাৰশিলা স্থাপন কৰিছিল। বিমানবন্দৰটোৱে অৰুণাচলৰ সৈতে দেশৰ আন প্ৰান্তৰ যোগাযোগ উন্নত কৰিব বুলি ধাৰণা কৰা হৈছে।

হোলোংগীৰ এই বিমানবন্দৰটো নাম ৰখা হৈছে ‘ডনি পোলো’। ‘ডনি পোলো’ মানে সূৰ্য আৰু চন্দ্ৰ। ইটানগৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত নিৰ্মাণ কৰা বিমানবন্দৰটো হৈছে ৰাজ্য খনৰ চতুৰ্থটো বিমানবন্দৰ। উল্লেখ্য বিমানবন্দৰটো মুকলি কৰাৰ পিছত উত্তৰ-পূব ভাৰতত মুঠ বিমানবন্দৰৰ সংখ্যা ১৬ টালৈ বৃদ্ধি পালে।

‘ডনি পোলো’ বিমানবন্দৰটো প্ৰায় ৬৯০ একৰ এলেকাত নিৰ্মাণ কৰহৈছে। মুঠ ৬৪০ কোটি টকা ব্যয় কৰা হৈছে বিমানবন্দৰটো নিৰ্মাণত।