NORTHEAST NOW (Assamese)
অসম

দুৰ্ঘটনা ৰোধৰ প্ৰয়াসঃ ভাৰতীয় ৰে’লত ব্যৱহাৰ কৰা হ’ব কুঁৱলী প্ৰতিৰোধী সঁজুলি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 19, 2022 7:23 pm
a rail

প্ৰতিবছৰে শীতকালত দেশত , বিশেষকৈ উত্তৰ ভাৰতত কুঁৱলীৰ আধিক্যৰ বাবে ৰে’লৰ চলাচলত ব্যাঘাত ঘটে। বিএই সমস্যাৰ সমাধান কৰিবলৈ ভাৰতীয় ৰে’লৱেই শীঘ্ৰেই লোকো পাইলটসকলক উন্নত দৃশ্যমানতাৰ বাবে কুঁৱলী বিৰোধী সঁজুলি প্ৰদান কৰিব ।

যাত্ৰীসকলৰ বাবে ৰে’ল যাত্ৰা অধিক সুবিধাজনক কৰি তুলিবলৈ ভাৰতীয় ৰে’লৱেই এনে পৰিকল্পনা প্ৰস্তুত কৰিছে। এই পৰিকল্পনাই ৰে’লৰ বিলম্ব হ্ৰাস কৰাত সহায় কৰিব। শীতকালত তীব্ৰ কুঁৱলীৰ বাবে ৰেল সেৱা বিলম্বিত বা বাতিল হোৱাৰ উদাহৰণ বহু আছে ।

উত্তৰ পশ্চিম ৰেলৱেই ভৱিষ্যতে কুঁৱলীৰ বাবে যিকোনো ৰে’লৰ বিলম্ব পৰিহাৰ কৰাৰ বাবে এটা সমাধান উলিয়াইছে। যিহেতু শীতকালত উত্তৰ ভাৰতীয় ৰে’ল নেটৱৰ্ক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় সেয়ে ৰে’ল কৰ্তৃপক্ষই শীঘ্ৰেই কুঁৱলী বিৰোধী সঁজুলি প্ৰৱৰ্তন কৰিব ।

এনে সঁজুলিয়ে ৰে’ল দুৰ্ঘটনাও হ্ৰাস কৰিব। ৰেল কৰ্তৃপক্ষই অতিৰিক্ত সাৱধানতা অৱলম্বন কৰি আছে যাতে যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায় আৰু কুঁৱলীপ্ৰৱণ নেটৱৰ্কৰ এলেকাবোৰত ৰেল সেৱা ভালদৰে অব্যাহত ৰাখিব পাৰি। যিকোনো ধৰণৰ পৰিস্থিতিত সুৰক্ষিত ৰে’ল পৰিচালনাৰ বাবে সংশ্লিষ্ট অভিযান্ত্ৰিক, সংকেত ব্যৱস্থা, দূৰসংযোগ, বৈদ্যুতিক, যান্ত্ৰিক আৰু সুৰক্ষা বিভাগক নিৰ্দেশনা জাৰি কৰা হৈছে।

উত্তৰ পশ্চিম ৰে’লৱে কৰ্তৃপক্ষই কয় যে উত্তৰ পশ্চিম ৰে’লৱেত কুঁৱলীপ্ৰৱণ ৰে’ল শাখাবোৰ চিনাক্ত কৰা হৈছে। সকলো কুঁৱলীপ্ৰৱণ ষ্টেচনত দৃশ্যমানতা পৰীক্ষা নিশ্চিত কৰা হৈছে।ইয়াৰ লগতে সকলো ৰে’ল সেৱাৰ লোকো পাইলটসকলক কুঁৱলী সুৰক্ষা সঁজুলি প্ৰদান কৰা হৈছে বুলি ৰ’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।