NORTHEAST NOW (Assamese)
অসম

Shraddha Murder Case: হত্যা কৰি প্ৰেমিকাৰ দেহাংশ ভৰ্তি মোনা লৈ পুৱাই খোজ কাঢ়িছে আফতাব! শিহৰণকাৰী দৃশ্য পোহৰলৈ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 20, 2022 8:13 am

Shraddha murder case শ্ৰদ্ধা ৱাকাৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল আৰু লিভ-ইন সঙ্গী আফতাব আমিন পুনাৱালাই তেওঁৰ শৰীৰটো ৩৫ টুকুৰাকৈ কাটি পেলাইছিল। এই ঘটনাত স্তম্ভিত হৈ পৰিছে দেশ। ইয়াৰ মাজতে পোহৰলৈ আহিল এটা চিচিটিভি ফুটেজ। আফতাবক কাহিলি পুৱাতে তেওঁৰ ঘৰৰ বাহিৰত খোজ কাঢ়ি থকা দেখা গৈছে। তেওঁৰ লগত দুটা মোনা আছে। আৰক্ষীয়ে ধাৰণা, সেই মোনাত আছিল তেওঁৰ প্ৰেমিকাৰ দেহাংশ।

চিচিটিভি ফুটেজটো যোৱা ১৮ অক্টোবৰৰ পুৱাৰ ভাগৰ বুলি কোৱা হৈছে। যদিও ভিডিঅ’টোত মুখখন স্পষ্টভাৱে বুজি পোৱা হোৱা নাই, আৰক্ষীয়ে দাবী কৰিছে যে খোজ কাঢ়ি থকা যুৱকজন আফতাব। তেওঁৰ পিঠিত এটা বেকপেক আৰু হাতত এটা মোনা আছে। এই হত্যাকাণ্ডৰ ঘটনাটোত প্ৰথমবাৰৰ বাবে এইটো চিচিটিভি ফুটেজ পোৱা গৈছে।

লগতে পঢ়ক: ধোঁৱাচাঙত নাৰী সুৰক্ষা: দুই কিশোৰী ভগ্নীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ; দুই অভিযুক্তক গ্ৰেপ্তাৰ

ইপিনে, আৰক্ষীয়ে শনিবাৰে আফতাবৰ ফ্লেটৰ পৰা গধুৰ আৰু তীক্ষ্ণ অস্ত্ৰ উদ্ধাৰ কৰে। অনুমান কৰা হয় যে সেই অস্ত্ৰবোৰৰ সহায়ত তেওঁ তেওঁৰ প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰৰ শৰীৰটো টুকুৰা টুকুৰ কৰি পেলাইছিল। আৰক্ষীৰ জেৰা চলি আছে।

জানিব পৰা মতে, জেৰাত প্ৰথমতে তেওঁ তেনেদৰে সহায় কৰা নাছিল যদিও এতিয়া আফতাবে যথেষ্ট তথ্য দিছে। তেওঁ আনকি আৰক্ষীক কৈছে যে তেওঁ ক’ত কেনেকৈ প্ৰমাণসমূহ নষ্ট কৰিছিল। আৰক্ষীয়ে শ্ৰদ্ধাৰ আৰু দুটা দেহাংশ উদ্ধাৰ কৰিছে।

শ্ৰদ্ধা ৱাকাৰৰ নৃশংস হত্যাৰ ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ দেশ। তেওঁৰ দেহাংশ দিল্লী চহৰৰ বিভিন্ন ঠাইত পেলাইছিল আফতাবে। সি ১৮ দিন ধৰি এই কাম কৰিছিল। শ্ৰদ্ধাৰ ‘অপৰাধ’ আছিল প্ৰেমিকক বিয়া পাতিবলৈ হেঁচা দিয়া।

আফতাবৰ প্ৰেমত শ্ৰদ্ধাই নিজৰ পৰিয়াল, চাকৰি, চহৰ এৰি দিল্লীলৈ আহিছিল। কল চেণ্টাৰৰ চাকৰি সূত্ৰে দুয়োৰে মাজত বাৰ্তালাপ হৈছিল। অৱশ্যে শ্ৰদ্ধাৰ পৰিয়ালে ভিন্ন ধৰ্মৰ যুৱকৰ প্ৰেমত পৰাটো পছন্দ কৰা নাছিল। এনে পৰিস্থিতিত, শ্ৰদ্ধা-আফতাবে লিভ-ইন কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁলোকে দিল্লীৰ মেহৰৌলীত এটা ফ্লেট ভাড়ালৈ লৈ আছিল।