NORTHEAST NOW (Assamese)
Popular Stories

FIFA World Cup 2022: অক্সফৰ্ডৰ গৱেষণাত ওলাল ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জিকিব ব্ৰাজিলে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2022 9:57 am

ব্ৰাজিলে ২০ বছৰ পূৰ্বে ২০০২ চনত শেষবাৰৰ বাবে ফুটবলৰ বিশ্বকাপ জিকিছিল। পাঁচবাৰৰ বিশ্বকাপ বিজয়ী ব্ৰাজিলৰ লক্ষ্য হৈছে ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয় কৰা, যাৰ পোছাকী নাম হৈছে হেক্সা মিছন। ব্ৰাজিল সেই লক্ষ্যৰ বাবে ফেভাৰিট হিচাপেই কাটাৰত উপস্থিত হৈছে।

মৰু দেশখনত এইবাৰ কোনে খিতাপ আঁজুৰি ল’ব তাক লৈ বহু দিনৰ আগৰে পৰা বিতৰ্ক আৰম্ভ হৈছে। কাৰ হাতত বিশ্বকাপ উঠিব তাক লৈও জল্পনা-কল্পনা চলি আছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ে শেহতীয়াকৈ কাটাৰ বিশ্বকাপৰ ওপৰত এটা অধ্যয়ন চলাইছিল। পৰিসাংখ্যিক গৱেষণা অনুসৰি, এইবাৰ বিশ্ব খিতাপ ব্ৰাজিলে লাভ কৰিব।

অক্সফৰ্ড বিশ্ববিদ্যালয়ে মুখ্যতঃ গাণিতিক প্ৰক্ৰিয়াত সম্ভাৱনা নিৰ্ধাৰণ কৰি এই গৱেষণা কৰিছে। সম্ভাৱনাৰ এই আৰ্হিটো অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ গৱেষক যসুচৱা বুলে বিকশিত কৰিছে। গাণিতিক গণনা অনুসৰি, এটা দলে বিশ্বকাপত কিমান দূৰলৈ যাব, কোনে খিতাপ জিকিব এই মডেলটোত দেখুওৱা হৈছে।

অক্সফৰ্ডৰ গৱেষণা অনুসৰি, বহু প্ৰত্যাশিত ব্ৰাজিল-আৰ্জেণ্টিনাৰ মহাৰণ ছেমি ফাইনেলত দেখা যাব। ফলাফলটো দুই চিৰপ্ৰতিদ্বন্দীৰ যুঁজত নেইমাৰৰ পক্ষত আহিছে। আন এখন ছেমি ফাইনেলত বিশ্বকাপৰ খিতাপ অৰ্জন কৰা ফৰাচী দলটো বেলজিয়ামৰ হাতত পৰাজিত হ’ব। ফাইনেলখন ব্ৰাজিল আৰু বেলজিয়ামৰ মাজত হ’ব। আৰু ব্ৰাজিল চেম্পিয়ন হোৱাৰ ৬১.৩ শতাংশ সম্ভাৱনা আছে। বেলজিয়ামৰ বাকী ৩৮.৭ শতাংশ জয়ৰ সুযোগ আছে।

যদি এনে হয়, ব্ৰাজিলে ষষ্ঠ খিতাপ জয়ৰ উদযাপন কৰিব, আৰু বেলজিয়ামৰ সোণালী প্ৰজন্ম আক্ষেপৰ অংশীদাৰ হ’ব। ছেনেগাল, কাটাৰ, ৱেলছ, আমেৰিকা যুক্তৰাষ্ট্ৰ, পোলেণ্ড, চৌদি আৰৱ, অষ্ট্ৰেলিয়া, টিউনিচিয়া, জাপান, কোষ্টাৰিকা, কানাডা, মৰক্কো, ছাৰ্বিয়া, কেমেৰুন, দক্ষিণ কোৰিয়া আৰু ঘানা প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হ’ব। বিশ্বকাপৰ আগতে প্ৰতিবাৰেই, বহুলোকে এনে ভৱিষ্যতবাণী কৰে যদিও শেষত খেলপথাৰৰ প্ৰদৰ্শনেই শেষ কথা। এইবাৰ অক্সফৰ্ডৰ ভৱিষ্যতবাণী কিমান মিলে সেয়া চোৱা যাওক।