NORTHEAST NOW (Assamese)
অসম

ইৰাণৰ সকীয়নি স্বত্বেও পাৰস্য উপসাগৰত চালকবিহীন জাহাজ মোতায়েন কৰিব আমেৰিকাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2022 12:05 pm

ইৰাণৰ কঠোৰ সকীয়নি স্বত্বেও আমেৰিকা যুক্তৰাষ্ট্ৰই পাৰস্য উপসাগৰত কমেও ১০০ খন নৌসেনাৰ চালকবিহীন জাহাজ মোতায়েন কৰিব। মধ্য প্ৰাচ্যত নিয়োজিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনী বা চেণ্টকমৰ কমাণ্ডাৰ জেনেৰেল মাইকেল কুৰিলাই শনিবাৰে এই কথা ঘোষণা কৰে।

তেওঁ কয় যে এই জাহাজসমূহৰ মোতায়েন ২০২৩ চনৰ শেষৰ ফালে সম্পূৰ্ণ কৰা হ’ব। তেওঁ দাবী কৰে যে এই জাহাজসমূহ মোতায়েন কৰাৰ উদ্দেশ্য হ’ল পাৰস্য উপসাগৰৰ কৌশলগত জলসীমাত যিকোনো ভাবুকিৰ মোকাবিলা কৰা।

ইৰাণে যোৱা মাহত দেশখনত শেহতীয়া হিংসা আৰু সংঘৰ্ষক উচটনি দিয়াৰ বাবে জেনেৰেল কুৰিলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেনেৰেলে গৰাকীয়ে কয় যে আমি চালকবিহীন জাহাজৰ সৈতে ‘বিৰোধীৰ ড্ৰোন শক্তি’ৰ প্ৰতিৰোধ কৰিবলৈ আঞ্চলিক মিত্ৰশক্তিৰ সৈতে এক পৰীক্ষা মূলক কাৰ্যসূচী বিকশিত কৰিম।

তেওঁ ইৰাণৰ ড্ৰোণ শক্তিক “বিৰোধীৰ ড্ৰোণ শক্তি” বুলি উল্লেখ কৰে। পূৰ্বৰ এক ভাষণত জেনেৰেল কুৰিলাই ইৰাণৰ ড্ৰোণ শক্তিক “আঞ্চলিক নিৰাপত্তাৰ বাবে আটাইতকৈ ডাঙৰ কাৰিকৰী ভাবুকি” বুলি অভিহিত কৰিছিল।

ইপিনে, ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ-আব্দুল্লাহিয়ানে শনিবাৰে এক বিবৃতিযোগে সতৰ্ক কৰি দিয়ে যে বাহ্যিক শক্তিৰ দ্বাৰা চালকবিহীন বাহনৰ ব্যাপক উপস্থিতিয়ে অঞ্চলটোৰ সমস্যা দুগুণ বৃদ্ধি কৰিছে। তেওঁ তেহৰাণত ভ্ৰমণকাৰী ওমানৰ বৈদেশিক মন্ত্ৰী ছাইদ বদৰ আলবুচাইডিৰ সৈতে এক যৌথ সংবাদমেলত তেওঁ এই সতৰ্কবাণী প্ৰদান কৰে।