NORTHEAST NOW (Assamese)
অসম

বিশ্বত ৪০ নিযুত শিশুৱে লাভ কৰা নাই সৰু আইৰ ভেকছিনঃ বিশ্ব স্বাস্থ্য সংস্থা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 25, 2022 4:18 pm

সমগ্ৰ বিশ্বকে সৰু আইৰ দৰে মাৰক ৰোগৰ পৰা মুক্ত কৰিব বিচৰা হৈছে যদিও এতিয়াও বিশ্বৰ কোটি কোটি শিশুৱে লাভ কৰা নাই সৰু আইৰ ভেকছিন। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি ২০২১ চনত বিশ্বজুৰি প্ৰায় ৪০ নিযুত শিশুৱে সৰু আইৰ ভেকছিনৰ পালি লাভ কৰিব পৰা নাই। শেহতীয়া এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।

বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) যুটীয়াভাৱে প্ৰকাশ কৰা প্ৰতিবেদন খনত কোৱা হৈছে যে এই শিশুৰ বাবে মাৰাত্মক ৰোগটো দূৰ কৰাৰ ক্ষেত্ৰত এক বিশ্বৰ বহু দেশ বিফল হৈছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে এই বিড়ম্বনাটো এই বুলি মন্তব্য কৰিছে যে যদিও কোভিডৰ বিৰুদ্ধে ভেকছিনবোৰ অভিলেখ হাৰত দিয়া হৈছে সৰু আইৰ ভেকছিনৰ ক্ষেত্ৰত অৱহেলা কৰা হৈছে। ফলত লাখ লাখ লোক সংকটৰ ক সন্মুীন হৈছে।”টিকাকৰণ কাৰ্যসূচীবোৰ পুনৰ সক্ৰিয় কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ আঁৰত শিশু প্ৰতিৰোধযোগ্য ৰোগৰ আশংকা আছে,” তেওঁ কয়।

প্ৰতিবেদন অনুসৰি ২৫ নিযুত শিশুৱে সৰুআইৰ ভেকছিনৰ তেওঁলোকৰ প্ৰথম পালিটো পোৱা নাই। আনহাতে ১৪.৭ নিযুত শিশুৱে তেওঁলোকৰ দ্বিতীয়টো পালিটো পোৱা নাই। উল্লেখ্য টিকাকৰণৰ জৰিয়তে সৰু আই প্ৰায় সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পাৰি।যিহেতু ৰোগবিধ অতিকৈ সংক্ৰামক সেয়ে আনুমানিক ৯৫ শতাংশ শিশুক দুটা বা ততোধিক পালিৰ টিকাকৰণ কৰা প্ৰয়োজন ।

২০২১ চনত, বিশ্বব্যাপী মাত্ৰ ৮১ শতাংশ শিশুৱে তেওঁলোকৰ প্ৰথম পালি প্ৰাপ্ত কৰিছিল আৰু ৭১ শতাংশই তেওঁলোকৰ দ্বিতীয় পালি লাভ কৰিছিল।সৰ্বাধিক সংখ্যক নৱজাতক থকা পাঁচখন দেশ যিবোৰ দেশৰ প্ৰায়ভাগ শিশুৱেই সৰু আইৰ ভেকছিনৰ প্ৰথম পালি প্ৰাপ্ত কৰা নাছিল সেইবোৰ দেশ হৈছে নাইজেৰিয়া, ভাৰত, কঙ্গো গণতান্ত্ৰিক গণৰাজ্য, ইথিওপিয়া আৰু ইণ্ডোনেছিয়া।