NORTHEAST NOW (Assamese)
অসম

স্বামীৰ যৌন বিকৃতিৰ কথা উল্লেখ কৰি ছোনিয়া গান্ধীলৈ পত্ৰ লিখিলে কংগ্ৰেছ বিধায়কৰ পত্নীয়ে!

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 25, 2022 4:30 pm

কেতিয়াবা বহু পাৰিবাৰিক গোপন কথাও পৰিস্থিতিগত কাৰণত ৰাজহুৱা কৰিবলগীয়া হয়। তেনে ঘটনাই ঘটিছে মধ্যপ্ৰদেশৰ কংগ্ৰেছ বিধায়ক উমং সিংঘাৰৰ পত্নীৰ ক্ষেত্ৰতো।মধ্যপ্ৰদেশৰ কংগ্ৰেছ বিধায়ক জনৰ পত্নীয়ে তেওঁৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰাৰ এদিন পিছত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী আৰু ৰাজ্যিক দলৰ মুৰব্বী কমল নাথকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকললৈ এখন পত্ৰ লিখিছে।

পত্ৰ খনত নেতাৰাকীৰ পত্নীয়ে স্বামীৰ বিকৃত যৌন বাসনাৰ কথা উল্লেখ কৰিছে। তেওঁ স্বামীৰ যৌন অত্যাচাৰৰ বিষয়টোৰ ন্যায় বিচাৰিছে। একেখন পত্ৰ কংগ্ৰেছ নেতা – ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীলৈও প্ৰেৰণ কৰা হৈছে। পত্ৰখনত সিংঘাৰৰ পত্নীয়ে অভিযোগ কৰিছে যে বিধায়কগৰাকীয়ে মহিলাৰ গোপন ভিডিঅ’ ৰেকৰ্ডিং আৰু ব্লেকমেইলিংৰ দৰে বিকৃতি আছে।

তেওঁ লিখিছে “উমাঙে মোক একাধিকবাৰ অন্যায় কৰিছে কিন্তু এইবাৰ তেওঁ সকলো সীমা অতিক্ৰম কৰিছে আৰু মই ইয়াক আৰু সহ্য কৰিব নোৱাৰো। কথাটো আপোনাক জনোৱাটো গুৰুত্বপূৰ্ণ, কিয়নো আপুনি দলৰ মুৰব্বী আৰু আপুনি সদায় মহিলাসকলক সমৰ্থন কৰি আহিছে। মই আশা কৰোঁ যে আপুনি মোক ন্যায় দিব,”

তেওঁ লিখিছে “মহিলাসকলৰ গোপন ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ তেওঁৰ এটা বিকৃতি আছে। তেওঁ তেওঁৰ প্ৰাক্তন পত্নীৰ ভিডিঅ’ আৰু অডিঅ’ ৰেকৰ্ডিং কৰিছিল আৰু মোৰ সৈতেও একেটা কামেই কৰিছে। এতিয়া তেওঁ এই ভিডিঅ’বোৰ ব্যৱহাৰ কৰি মোক ব্লেকমেইল কৰি আছে,” ।

সিংঘাৰৰ পত্নীয়েও দাবী কৰিছে যে তেওঁ তেওঁৰ বিৰুদ্ধে একাধিক অভিযোগ দাখিল কৰিছে ।ইপিনে বিধায়ক সিংঘাৰৰ বিৰুদ্ধে দেওবাৰে সন্ধিয়া ঘৰুৱা হিংসা, ধৰ্ষণ, অপ্ৰাকৃতিক যৌন সম্ভোগ, অপৰাধমূলক ভাবুকি আৰু আপত্তিজনক আচৰণৰ বাবে গোচৰ ৰুজু কৰা হৈছ।- তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৩২৩,৩৭৬(২)(এন), ৩৭৭, ৪৯৮-এ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে।