NORTHEAST NOW (Assamese)
Popular Stories

ভাগ্যই নিদিলে সংগ! গাঞ্জা সৰবৰাহৰ বাবে লৈছিল ‘পুষ্পা’ ষ্টাইল, হ’ল ৰঙাঘৰৰ আলহী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 28, 2022 2:54 pm
Marijuana smuggling in Pushpa style

যোৱা বৰ্ষৰ শেষৰ ফালে মুক্তি পোৱা দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত ‘পুষ্পা: দ্য ৰাইজ’- এ ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। পুষ্পাৰ জনপ্ৰিয়তাই দেশৰ সীমা অতিক্ৰম কৰি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো স্পৰ্শ কৰিছিল।

পুষ্পাৰ কৰ্মকাণ্ড তথা আচৰণ অনুসৰণ কৰাত নামি পৰিছিল অনুৰাগীৰ লগতে একাংশ অপৰাধী চক্ৰও! এই চিনেমাখনৰ মূল চৰিত্ৰ পুষ্পাই আৰক্ষীৰ চকুত ধূলি দি অভিনৱ পন্থাৰে অবৈধভাৱে সৰবৰাহ কৰিছিল ৰঙা চন্দন।

চিনেমাখনৰ মুক্তিৰ পাছত পুষ্পাৰ এনে কৌশল অনুসৰণ কৰি দেশত এনেদৰে কেইবাটাও চুৰিকাণ্ড তথা চোৰাং সৰবৰাহ কাণ্ড আৰক্ষীৰ জালত পৰাৰ খবৰ প্ৰকাশ পাইছিল।

এনে এক অনুৰূপ ঘটনাই পুনৰ ঘটিছে অন্ধ্ৰ প্ৰদেশত। দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামৰাজু জিলাত বিশেষ আৰক্ষীয়ে এটা চোৰাং চক্ৰৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা ১৩০ কেজি গাঞ্জা জব্দ কৰে।

২০২১ চনৰ তেলেগু চিনেমা ‘পুষ্পা: দ্য ৰাইজ’ৰ পৰা অনুপ্ৰাণিত হৈ ধৃত দুই অভিযুক্তই এখন বলেৰ’ গাড়ীত এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি লুকুৱাই ৰাখিছিল।

পুষ্পা: দ্য ৰাইজ চিনেমাত দেখুওৱা আৰক্ষীৰ পৰা ৰক্ষা পৰিবলৈ চোৰাং ব্যৱসায়ৰ কৌশল অনুকৰণ কৰিবলৈ চেষ্টা কৰি ধৃত দুই অভিযুক্তই বিশেষ শ্বেল্ফ স্থাপন কৰি গাড়ীখনৰ ওপৰৰ অংশত গাঞ্জাখিনি লুকুৱাই ৰাজ্যৰ সীমান্ত পাৰ হ’বলৈ চেষ্টা চলাইছিল।

পিছে যাত্ৰাপথত সন্দেহজনকভাৱে স্পেচিয়েল এনফ’ৰ্চমেণ্ট ব্যুৰোৰ এটা দলে বলেৰ’ বাহনখন আটক কৰে আৰু পৰীক্ষণৰ সময়তে গাড়ীখনৰ ওপৰৰ অংশত ১৩০ কিলোগ্ৰাম গাঞ্জা লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে।

দুই সৰবৰাহকাৰীয়ে গাড়ীখনত গাঞ্জা ভৰ্তি বেগ কেইটা লুকুৱাৰ ৰখাৰ বাবে বিশেষ শ্বেল্ফ বনাই লৈছিল। পিছে আৰক্ষীৰ চকুত ধূলি দিয়াত ব্যৰ্থ হয় দুই দুৰ্বৃত্ত আৰু আৰক্ষীয়ে কোৰাপুটৰ পাংগী মহেশ্বৰ আৰু ডুমব্ৰিগুডাৰ ৰমেশ নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

জব্দকৃত গাঞ্জা আৰু ধৃত লোক দুজনক স্পেচিয়েল এনফ’ৰ্চমেণ্ট ব্যুৰোৰ দলটোৱে স্থানীয় ডুমব্ৰিগুডা আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।