NORTHEAST NOW (Assamese)
দেশ

মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2022 1:43 pm
Korean woman YouTuber harassed on Mumbai street

দেশত নাৰীজনিত অপৰাধৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাৰ সময়তে এগৰাকী বিদেশী মহিলাক ৰাজপথত অশালীন আচৰণ কৰি লজ্জানত কৰিছে দুই দুৰ্বৃত্তই। দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা ইউটিউবাৰক অনলাইন লাইভ ষ্ট্ৰিমৰ সময়তে মুম্বাইৰ ৰাজপথত এগৰাকী লোকে অশালীন ব্যৱহাৰ কৰি হাৰাশাস্তি কৰে।

মঙলবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। টুইটাৰত প্ৰকাশ কৰা ভিডিঅ’টোত অভিযুক্ত লোকজনে কোৰিয়ান ইউটিউবাৰ গৰাকীৰ হাতত ধৰি হাৰাশাস্তি কৰাৰ লগতে লাইভত থকা অৱস্থাতে চুমা খাবলৈও চেষ্টা কৰা দেখা গৈছে।

মহিউচি ইন নামৰ ইউটিউবাৰ গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “যোৱা নিশা লাইভ ষ্ট্ৰীমত এগৰাকী যুৱকে মোক হাৰাশাস্তি কৰিছিল। মই পৰিস্থিতিৰ অধিক বেয়া নকৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ আৰু তেওঁ বন্ধুৰ লগত থকাৰ বাবে মই আঁতৰি আহিলো। আৰু কিছুমান মানুহে মোৰ অত্যধিক বন্ধুত্বপূৰ্ণ আৰু কথা-বতৰাৰ দ্বাৰা মই নিজেই ইয়াৰ আৰম্ভণি কৰিছো বুলি ক’ব খোজে। ষ্ট্ৰীমিংৰ কথা আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰিছে।”

১ মিনিটৰ এই ভিডিঅ’টোত অভিযুক্তই মহিলা ইউটিউবাৰ গৰাকীক অস্বস্তিকৰভাৱে হাতত ধৰি লিফ্টৰ প্ৰস্তাৱ দিয়া দেখা গৈছে। মহিলাগৰাকীয়ে বহিবলৈ অমান্তি হোৱাত অভিযুক্তই ডিঙিত হাত থৈ গালত চুম্বন কৰিবলৈ চেষ্টা কৰে।

এই আতিশয্যক প্ৰতিহত কৰি মহিলাগৰাকীয়ে লাইভ ষ্ট্ৰিমত “এতিয়া ঘৰলৈ যোৱাৰ সময়” বুলি কৈ আঁতৰি যাবলৈ চেষ্টা কৰে। কিন্তু দুচকীয়া বাহন এখনত আন এগৰাকী ব্যক্তিৰ সৈতে উঠি অহা অভিযুক্তই যুৱতীগৰাকীৰ পিছে পিছে গৈ পুনৰ লিফ্টৰ প্ৰস্তাৱ দিয়ে। যুৱতী গৰাকীয়ে পুনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি তেওঁৰ ঘৰটো ওচৰতে আৰু অকলেই যাব বুলি মন্তব্য কৰে।

এই ভিডিঅ’টো এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰাৰ পিছতে মুম্বাই আৰক্ষীয়ে মহিলাগৰাকীক যোগাযোগৰ তথ্য শ্বেয়াৰ কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায়। ইতিমধ্যে প্ৰকাশিত ভিডিঅ’টোৰ আধাৰত মুম্বাই আৰক্ষীয়ে মোবীন চান্দ মহম্মদ শ্বেইখ (১৯) আৰু মহম্মদ নকীব সদ্ৰেলাম আনছাৰী (২০) নামৰ অভিযুক্ত দুগৰাকীক গ্ৰেপ্তাৰ কৰিছে।