NORTHEAST NOW (Assamese)
দেশ

মাওবাদীৰ বিৰুদ্ধে এনকাউণ্টাৰস্থলীত উদ্ধাৰ আমেৰিকাত নিৰ্মিত যুদ্ধাস্ত্ৰ: দাবী আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 4, 2022 4:59 pm
US-Made Weapon Seized

বিগত মাহত ছত্তীশগড়ৰ বিজাপুৰ জিলাত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতে সংঘৰ্ষস্থলীৰ পৰা নিৰাপত্তাৰক্ষীয়ে আমেৰিকাত নিৰ্মিত অস্ত্ৰ উদ্ধাৰ কৰিছিল। আজি এক বিবৃতি যোগে এই দাবী কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে ২৬ নৱেম্বৰত মিৰ্টুৰ থানাৰ সীমাৰ অন্তৰ্গত পোমৰা বনাঞ্চলত হোৱা এক এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীয়ে চাৰিগৰাকী মাওবাদী সদস্যক গুলীয়াই হত্যা কৰিছিল।

এই অভিযানত চাৰিটা যুদ্ধাস্ত্ৰ উদ্ধাৰ কৰা হৈছে। এই চাৰি যুদ্ধাস্ত্ৰৰ ভিতৰত আমেৰিকাত নিৰ্মিত এটা এম ১ কাৰ্বাইন পোৱা গৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই আজি প্ৰকাশ কৰিছে।

আন এছাল্ট ৰাইফলৰ তুলনাত আমেৰিকাত নিৰ্মিত এই কাৰ্বাইনৰ বেৰেল সৰু আৰু এই উন্নত মানৰ যুদ্ধাস্ত্ৰবিধ ব্যৱহাৰ কৰিবলৈ সুবিধাজনক বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে।

এই যুদ্ধাস্ত্ৰবিধ উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে মাওবাদীৰ হাতত কেনেদৰে আৰু ক’ৰ পৰা এনে অত্যাধুনিক অস্ত্ৰ ক্ৰয় কৰিছিল সেই তথ্য উদ্ধাৰৰ বাবে তদন্ত আৰম্ভ কৰিছে বুলিও বিষয়াগৰাকীয়ে লগতে কয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১১ চনৰ ডিচেম্বৰ আৰু ২০১৪ চনৰ এপ্ৰিল মাহত কাংকেৰ জিলাৰ ৰাউঘাট আৰু ভানুপ্ৰতাপপুৰ অঞ্চলত মাওবাদীৰ সৈতে সংঘৰ্ষৰ পিছত আমেৰিকান টেগ থকা দুটা ৭.৬৫ মিলিমিটাৰ অটোমেটিক পিষ্টল উদ্ধাৰ কৰা হৈছিল।

২০১৮ চনত চুকমা জিলাত মাওবাদীৰ সৈতে হোৱা আন এক সংঘৰ্ষৰ পিছতো জাৰ্মানীৰ টেগ থকা এটা ৰাইফল উদ্ধাৰ কৰাৰ লগতে নাৰায়ণপুৰ জিলাত আমেৰিকান মেকৰ এটা চাব মেচিনগান জব্দ কৰা হৈছিল।