NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 6, 2022 2:31 pm

এইটো আছিল ২০২১ চনৰ আৰম্ভণিৰ ঘটনা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ তিনিটা পোহনীয়া কুকুৰক তেওঁলোকৰ প্ৰশিক্ষক ৰিয়ান ফিচাৰে খোজ কাঢ়িবলৈ লৈ গৈছিল। তাত তিনিজন মানুহ উপস্থিত হৈছিল। তেওঁলোকৰ মাজৰ এজন হৈছে জেমছ হাৱাৰ্ড জেকচন। তেওঁলোকে কুকুৰ তিনিটা চুৰি কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া ফিচাৰে বাধা দিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁকো লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল। তাৰ পিছত তেওঁলোকে পোহনীয়া কুকুৰ তিনিটা লৈ পলাই গৈছিল।

কোজি, গুস্তাভ আৰু মিছ এছিয়া নামৰ তিনিটা কুকুৰৰ তৃতীয় মিছ এছিয়া ডকাইতৰ গাড়ীৰ পৰা পলাই আহি ফিচাৰক য’ত গুলীবিদ্ধ কৰা হৈছিল তালৈকে আহিছিল। কিন্তু ডকাইতকেইটাই বাকী দুটা কুকুৰ লৈ পলাই গৈছিল।

লগতে পঢ়ক: কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই

কেইদিনমানৰ পিছত লেডী গাগাই তেওঁৰ পোহনীয়া কুকুৰকেইটাক বিচাৰি পোৱাৰ বাবে এক বৃহৎ অংকৰ অৰ্থাৎ পাঁচ লাখ ডলাৰ পুৰস্কাৰ ঘোষণা কৰে। কেইদিনমানৰ পিছত এগৰাকী মহিলা কোজি আৰু গুস্তাভক লৈ আহি উপস্থিত হৈছিল। আৰক্ষীয়ে পিছত কৈছিল যে মহিলাগৰাকীও অপৰাধটোত জড়িত আছিল। গতিকে, তেওঁৰ বিৰুদ্ধেও এটা অভিযোগ দাখিল কৰা হৈছিল।

অভিযুক্ত জেকচন আৰক্ষীৰ জিম্মাৰ পৰা পলাই গৈছিল। পিছত তেওঁ পুনৰ ধৰা পৰিছিল। তেওঁৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি গোচৰটো চলি আছিল। আদালতে সেই গোচৰটোৰে ৰায় দিছে। আদালতে জেমছ হাৱাৰ্ড জেকচনক ২১ বছৰৰ কাৰাদণ্ড বিহিছে।

আৰক্ষীৰ সূত্ৰ জানিবলৈ দিয়া অনুসৰি, অপৰাধীসকলে নাজানিছিল যে কুকুৰকেইটা লেডী গাগাৰ আছিল। কুকুৰ তিনিটা ফৰাচী বুলডগ প্ৰজাতিৰ, সেয়েহে তেওঁলোকে সেইবোৰ চুৰি কৰিবলৈ চেষ্টা কৰিছিল।

লগতে পঢ়ক:ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি

এই কুকুৰবোৰ বিৰল প্ৰজাতিৰ আৰু তেওঁলোকৰ সংখ্যা খুব কম। এই কাৰণে ইয়াক চোৰাং বজাৰত বৃহৎ মূল্যত বিক্ৰী কৰা হয়। সেয়ে সিঁহতক চুৰি কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে কয়। অভিযুক্তসকলক দীৰ্ঘম্যাদী শাস্তি দিয়া হৈছে কিয়নো তেওঁলোকৰ বিৰুদ্ধে ডকাইতিৰ লগতে হত্যাৰ চেষ্টাৰ অভিযোগ আৰোপ কৰা হৈছে।