NORTHEAST NOW (Assamese)
দেশ

২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও December 6, 2022 6:38 pm

শেহতীয়াকৈ ভাৰতীয় তদন্তকাৰী সংস্থা, চমুকৈ চিবিআইৰ অনুসন্ধানত ধৰা পৰিছে শিক্ষা বিভাগ আৰু চৰকাৰৰ ভয়ানক কেলেংকাৰীৰ তথ্য। পশ্চিমবংগত চতুৰ্থ শ্ৰেণী আৰু শিক্ষকৰ ২১ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত হৈছে এই ব্যাপক জালিয়াতি। কেৱল ঘোচ দি নিযুক্তি দিয়াই নহয়, উত্তৰ বহী আৰু নম্বৰৰ তালিকা বিকৃত কৰি নিযুক্তি দিয়া হৈছে প্ৰায় ৯০০০ প্ৰাৰ্থীক । এই দুৰ্নীতি সংঘটিত হৈছে তৃণমূল কংগ্ৰেছ তথা মমতা দিদি শাসিত ৰাজ্য পশ্চিম বংগত।

সোমবাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিশ্বজিৎ বসুৰ আদালতৰ শুনানিৰ সময়ত এই তালিকা প্ৰদান কৰে চিবিআইয়ে। তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধান দলৰ মুৰব্বী অশ্বিন সেনৱীয়ে আদালতত দাবী কৰে যে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তিৰ সৈতে জড়িত দুৰ্নীতিৰ ক্ষেত্ৰত এতিয়ালৈকে প্ৰায় ২১ হাজাৰ পদত নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। কেৱল সেয়াই নহয় উত্তৰবহী আৰু মাৰ্কশ্বীট জাল কৰি ৯০০০ৰো অধিক প্ৰাৰ্থী নিযুক্তি দিয়া হৈছে।

চিবিআই দলটোৰ মুৰব্বীগৰাকীৰ এই ভাষণ শুনাৰ পিছতে কঁপি উঠে ন্যায়াধীশ বিশ্বজিৎ বসু। তেওঁ মন্তব্য কৰিছে , ‘মই আচৰিত হৈছোঁ। দুৰ্নীতিৰ লগত জড়িত কোনো লোকক বাদ দিয়া নহব। তদন্তত আদালতে সকলো প্ৰকাৰে সহায় কৰিব

লগতে ন্যায়াধীশ গৰাকীয়ে সেৱা আয়োগৰ অধিবক্তাক কয় যে বোকা আঁতৰাই পানী পৰিষ্কাৰ কৰক। ন্যায়াধীশ বিশ্বজিৎ বসুৱে লগতে কয় যে, “অপৰাধৰ সৈতে জড়িত হ’লে কাকো ৰেহাই দিয়া নহ’ব ।”

ইয়াৰ পূৰ্বে এই পশ্চিমবংগৰ তদানীন্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীক বিদ্যালয়ৰ শিক্ষক নিযুক্তি সন্দৰ্ভত ব্যাপক অভিযোগ উত্থাপন হোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়াও চেটাৰ্জী কাৰাগাৰতে আছে।

ইতিমধ্য চিবিআইৰ অনুসন্ধানৰ প্ৰতিবেদনত ভিত্তিত বীৰভুম তৃণমূলৰ নেতা অনুব্ৰত মণ্ডলকৰ লগতে কেইবাজনো চৰকাৰী বিষয়া আৰু অন্যান্য তৃণমূল নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।