NORTHEAST NOW (Assamese)
Popular Stories

বিমানৰ ভিতৰত ফণা তুলি উঠিল সাপ! আতংকিত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ যাত্ৰী

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 11, 2022 11:00 am

Snake found in Dubai-bound Air India Express plane সাপৰ সৈতে বিমান যাত্ৰা! কেৰালাৰ কালিকটৰ পৰা ডুবাইলৈ যোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখনৰ যাত্ৰীসকলৰ মাজত আতংকৰ ৰেশ মাৰ যোৱা নাই। টিকট অবিহনে বিমানখনত যোৱা এই কালান্তক সহযাত্ৰীৰ বাবে ডুবাই পোৱাৰ পাছতো যাত্ৰীসকল দীৰ্ঘসময় ধৰি বিমানবন্দৰত আবদ্ধ হৈ থাকিব লগা হয়।

প্ৰশ্নটো হ’ল কেৰালাৰ কালিকটৰ পৰা ডুবাইলৈ যোৱা আন্তৰ্জাতিক বিমানখনত সাপটো কেনেকৈ উঠিছিল? অৱশ্যে, একমাত্ৰ সকাহৰ কথাটো হ’ল বিমানখনত যোৱা যাত্ৰীসকলৰ আসনৰ আশে পাশে নাছিল সাপটো। তেওঁলোকৰ লাগেজৰ সৈতে কাৰ্গো হোল্ডতহে উঠিছিল। বিমানখন ডুবাইত উপস্থিত হোৱাৰ সময়ত কৰ্মীসকলে সাপটো কাৰ্গো হোল্ডত দেখাৰ পিছতে আতংক বিয়পি পৰে।

লগতে পঢ়ক: জঘণ্য কাণ্ড! সম্পত্তিৰ বাবে প্ৰবীণ অভিনেত্ৰীক হত্যা পুত্ৰৰ; ঘৰুৱা সহায়ক সহ পুত্ৰক গ্ৰেপ্তাৰ

বাতৰি অনুসৰি, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান নম্বৰ বি ৭৩৭-৮০০ ডুবাইত অৱতৰণ কৰাৰ পিছতে বিমানত কাৰ্গো হ’ল্ডত বস্তু-বাহানিৰ সৈতে সাপটো দেখা গৈছিল। যাত্ৰীসকলক সুৰক্ষিতভাৱে বিমানৰ পৰা উলিয়াই অনা হয়।

সূত্ৰ অনুসৰি, বিমানবন্দৰৰ অগ্নি নিৰ্বাপক সেৱাক অৱগত কৰা হয়। কিন্তু বিষয়টোক লৈ আতংকৰ সৃষ্টি হৈছিল। যাত্ৰীসকলে ছ’চিয়েল মিডিয়াত অভিযোগ কৰিছিল যে ইয়াৰ বাবে তেওঁলোকে বিমানবন্দৰত দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল।

বিমানবন্দৰৰ এখন ফটো টুইট কৰি এগৰাকী যাত্ৰীয়ে লিখিছে, “কাৰ্গোত সাপ আছিল সেয়েহে আমি ডুবাই বিমানবন্দৰত সাত ঘণ্টা অপেক্ষা কৰিব লগা হৈছে। ইয়াৰ বাবে কিমান সময় অপেক্ষা কৰিব লাগিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে জনাওক?’’

ইয়াৰ প্ৰত্যুত্তৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষই কয়, “এই সমস্যাৰ বাবে দুঃখিত। আশা কৰোঁ আপোনালোকক হোটেললৈ লৈ যোৱা হ’ব আৰু বিষয়টোৰ ওপৰত শেহতীয়া তথ্য দিয়া হ’ব।”

লগতে পঢ়ক: IIT Guwahati: প্ৰতিষ্ঠান চৌহদৰ ভিতৰৰ কোৱাৰ্টাৰত উদ্ধাৰ আইআইটি গুৱাহাটীৰ অধ্যাপকৰ মৃতদেহ

বাতৰি অনুসৰি, ডিজিচিএয়ে কালিকটৰ পৰা ডুবাইলৈ যোৱা বিমানখনৰ কাৰ্গোত সাপটো কেনেকৈ সোমাইছিল তাৰ অনুসন্ধান কৰিব। ডিজিচিএৰ এজন বিষয়াই কয় যে ক্ষেত্ৰ পৰ্যায়ত অৱহেলাৰ বাবে এনে ঘটনা সংঘটিত হ’ব পাৰে। অনুসন্ধানৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব। অৱশ্যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষই এই সন্দৰ্ভত একো কোৱা নাই।

বিমানত ইয়াৰ আগতেও কেইবাবাৰো সাপ দেখা গৈছিল। যোৱা ১০ ফেব্ৰুৱাৰীত মালয়েছিয়াৰ কুয়ালালামপুৰ অভিমুখী এখন বিমানৰ যাত্ৰীসকলক উৰণৰ সময়ত ইফালে সিফালে ঘূৰি ফুৰা দেখা গৈছিল। পিছত জনা গৈছিল যে বিমানখনত এটা সাপ আছিল!