NORTHEAST NOW (Assamese)
অসম

দৰং-মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত আটক দুৰ্ধৰ্ষ চোৰাংচিকাৰী আখতাৰ আলী

Posted by: ময়ুখ গোস্বামী April 27, 2018 6:16 pm
চোৰাংচিকাৰী

আজি দৰং- মৰিগাঁও আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই আখতাৰ আলী নামৰ এটা কুখ্যাত চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে নিশা মৰিগাঁৱৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰি তাৎক্ষণিকভাৱে অভিযান চলাই দুৰ্ধৰ্ষ চোৰাংচিকাৰীটোক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আটকাধীন চোৰাংচিকাৰীজনৰ ওপৰত ১০ টাৰো অধিক গঁড় হত্যাৰ অভিযোগ আছে।

আনহাতে শ্যামপুৰ থানাৰ আৰক্ষীৰ জিম্মাত থকা চোৰাংচিকাৰী জনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি আটকাধীন চোৰাংচিকাৰীজন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাশ্বৱৰ্তী হামুৰ নিৱাসী। ১০ টাকৈ গঁড় হত্যাত জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী আখতাৰ আলী মৰিগাঁও জিলাৰ কচুৱাত আত্মগোপন কৰি আছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।