NORTHEAST NOW (Assamese)
Popular Stories

সকলো যন্ত্ৰণা আজি শেষ! বিশ্বকাপ জয়ৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰি আৰু কি ক’লে মেছিয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2022 8:47 am

Lionel Messi says after World Cup win লিঅ’নেল মেছিৰ দেশ আৰ্জেণ্টিনাই ফ্ৰান্সক পৰাস্ত কৰি কাটাৰ বিশ্বকাপৰ খিতাপ জয় কৰিছে। ৩৫ বছৰ বয়সত মেছিৰ বিশ্বকাপ জিকাৰ সপোন অৱশেষত সঁচা হ’ল। এটা অসম্পূৰ্ণ সপোন যেন পূৰণ হ’ল। গোটেই প্ৰতিযোগিতাখনত অসাধাৰণ ফুটবল খেলা মেছিৰ কেৰিয়াৰৰ শেষত তেওঁ আৰু ইয়াতকৈ কি বিচাৰিব পাৰে।

দেওবাৰে নিশা ফ্ৰান্সৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলখন প্ৰকৃতাৰ্থতে ফাইনেলৰ দৰেই লাগিছিল। অতিৰিক্ত সময় ধৰি ৪০ মিনিটৰ বাবে খেলখনৰ ভাগ্য ইফালে সিফালে ওলমি ৰৈছিল। খেলৰ মূল পৰ্ব ২-২ সমতা স্থাপনেৰে সমাপ্ত। তাৰ পিছত অতিৰিক্ত সময়ত ই ৩-৩ ত আৱদ্ধ হৈ ৰৈছিল। পিছত টাইব্ৰেকাৰত মেছিৰ দেশে ৪-২ গ’লত খিতাপ জয় কৰে।

ফুটবলৰ যাদুকৰ মেছিয়ে হাঁহিৰে খেলপথাৰ এৰিছিল। একে সময়তে তেওঁ জনাইছিল যে বিশ্বকাপ জিকিব সেইটো জানিছিল। ঈশ্বৰেও বিচাৰিছিল যে তেওঁ যাতে বিশ্বকাপ জিকে।

মেছিয়ে সংবাদ মাধ্যমৰ আগত কয়, “এইটো অবিশ্বাস্য অনুভৱ হয়। যি হ’ল মই বিশ্বাস কৰিবই পৰা নাই। বিশ্বকাপ জিকাতকৈ সুখী মুহূৰ্ত আৰু নাই। মোৰ হাতত থকা ট্ৰফীখন চাওক। কিমান ধুনীয়া লাগিছে। মই বিশ্বকাপ জিকিবলৈ ব্যাকুল হৈ পৰিছিলো। ঈশ্বৰে হয়তো মোৰ হাততে বিশ্বকাপটো চাব বিচাৰিছিল। এনে লাগিছিল যে কাপটো আমাৰ হাতত আহিব। আমি আগতে বহুত যন্ত্ৰণা সহ্য কৰিব লগীয়া হৈছিল। সকলো যন্ত্ৰণা আজি শেষ হ’ল।”

মেছিয়ে কোনো দ্বিধা নকৰাকৈ কয় যে তেওঁ বিশ্বকাপ জিকাৰ সপোন দেখিছিল। “যিকোনো ফুটবলাৰৰ বাবে একমাত্ৰ সপোন হ’ল দেশৰ বাবে বিশ্বকাপ জয় কৰা। মই আজিলৈকে যি অৰ্জন কৰিছো তাৰ বাবে মই ভাগ্যৱান। একমাত্ৰ বিশ্বকাপটোৱে মোৰ ঘৰত নাছিল। সেইটোও আহিলে।”

মেছিয়ে এই ট্ৰফী সমগ্ৰ দেশৰ জনসাধাৰণক উৎসৰ্গা কৰে। আৰ্জেণ্টিনাৰ অধিনায়কে কয় যে বিশ্বকাপত এইখনেই তেওঁৰ অন্তিমখন খেল। অৱশ্যে, তেওঁ আৰু কিছুদিন ৰাষ্ট্ৰীয় দলৰ হৈ খেলিব বিচাৰে।

তেওঁ কয়, “মই ট্ৰফীৰ সৈতে বিশ্বকাপ অভিযান সমাপ্ত কৰিব বিচাৰিছিলো। মই সেইটো কৰিলো। মই তাতকৈ বেছি একো নিবিচাৰো। কোপা এমেৰিকাৰ পিছত বিশ্বকাপ। মই ভাবিব নোৱাৰো। তাৰ পিছত কি হ’ব? মই এই মুহূৰ্তত ক’ব নোৱাৰো। মই ফুটবল খেলি ভাল পাওঁ। ৰাষ্ট্ৰীয় দলৰ হৈ খেলাটোও আমাৰ বাবে গৌৰৱৰ বিষয়। আশা কৰোঁ, বিশ্ব চেম্পিয়ন হোৱাৰ পিছত আৰু খেলি তাৰ পিছত অৱসৰ লম।”

মেছিয়ে কয় যে তেওঁ ট্ৰফীটো লৈ কাটাৰৰ পৰা পোনপটীয়াকৈ আৰ্জেণ্টিনালৈ যাব বিচাৰে। তাৰ পিছতহে বাকী কাম। “মই আৰ্জেণ্টিনালৈ উভতি যাবলৈ অপেক্ষা কৰিব পৰা নাই। মই নিজৰ চকুৰে চাব বিচাৰো যে তেওঁলোকে ট্ৰফীটো চাবলৈ কিমান আগ্ৰহী।”