NORTHEAST NOW (Assamese)
দেশ

ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান: বিজেপিলৈ বাক্যশেল ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2022 9:28 pm
Rahul Gandhi Bharat Jodo Yatra

ভাৰত জোড়ো যাত্ৰাৰ জড়িয়তে ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাৰ ওপৰত প্ৰশ্ন উঠোৱা বিজেপি নেতাসকললৈ এই বাক্যশেল প্ৰয়োগ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে।

ভাৰত জোড়ো যাত্ৰাৰ বাবে বৰ্তমান ৰাজস্থানত থকা গান্ধীয়ে লগতে ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰৰ প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীক সাধাৰণ জনতাৰ কাষ চাপিবলৈ আৰু তেওঁলোকৰ অভাৱ-অভিযোগ দূৰ কৰিবলৈ মাহত এবাৰকৈ ৰাজ্যজুৰি এক যাত্ৰা কাৰ্যসূচী হাতত ল’বলৈও আহ্বান জনায়।

উল্লেখ্য যে, ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব বহন কৰা ৰাহুল গান্ধীয়ে বিজেপিয়ে দেশত ঘৃণা বিয়পোৱাৰ বিজেপি নেতাসকলে তেওঁক অনৰ্থক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

১০০ দিন অতিক্ৰম কৰা ভাৰত জোড়ো যাত্ৰাৰ সময়ত কেতিয়াবা যাত্ৰাপথত বিজেপিৰ কাৰ্যালয়ৰ ওচৰত থিয় হৈ থকা লোকসকলেও তেওঁৰ প্ৰতি সঁহাৰি দিয়া বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে।

“মই তেওঁলোকক ঘৃণা নকৰো কিন্তু মই মোৰ মতাদৰ্শৰ কাষত থিয় দিছো। তেওঁলোকে মোক সুধিছে মই কি কৰিছো আৰু তেওঁলোকৰ নেতাসকলে মোক সুধিছে যে মই কিয় কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়িছো। মোৰ উত্তৰ হ’ল, ঘৃণাৰ বজাৰত প্ৰেম বিয়পোৱাৰ বাবে মই দোকান খুলিছো।”— গান্ধীয়ে কয়।

“আপোনালোকে মোক ঘৃণা কৰে, আপোনালোকে মোক গালি পাৰে, এয়া আপোনাৰ হৃদয়। আপোনালোকৰ বজাৰখন ঘৃণাৰ, কিন্তু মোৰ দোকানখন প্ৰেমৰ।”— তেওঁ লগতে কয়।