NORTHEAST NOW (Assamese)
অসম

দুধনৈৰ এখন চিকিৎসালয়ৰ নাৰ্চ নিশা ডেকাৰ আত্মহত্যা; জানুৱাৰীত ঠিক হৈ আছিল বিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 22, 2022 7:57 pm

বৃহস্পতিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে যে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত দমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সেৱা আগবঢ়াই থকা এগৰাকী ২৯ বছৰীয়া নাৰ্ছে আত্মহত্যা কৰিছে। জানিব পৰা মতে, নিশা ডেকা নামৰ নাৰ্চগৰাকীৰ অহা ২২ জানুৱাৰীত বিয়াৰ তাৰিখ ঠিক হৈ আছিল।

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বাসিন্দা নিশাক বৃহস্পতিবাৰে ৰাতিপুৱা দমৰা  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তেওঁৰ কৰ্মচাৰী কোৱাৰ্টাৰৰ ভেণ্টিলেটৰৰ খিৰিকীত ওলমি থকা অৱস্থাত পোৱা গৈছে।

লগতে পঢ়ক: ২০০৬ চনৰ পৰা ৯৭ টা পোহনীয়া হাতী প্ৰেৰণ কৰা হৈছে আন ৰাজ্যলৈ; বিধানসভাত জনালে চৰকাৰে

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে অবিবাহিত নাৰ্চগৰাকী অকলে চিকিৎসালয়ৰ কোৱাৰ্টাৰত বাস কৰিছিল।

যোৱা পাঁচ বছৰ ধৰি চিকিৎসালয়ত কাম কৰি থকা নাৰ্চগৰাকীয়ে তেওঁৰ পিতৃ-মাতৃক এৰি থৈ গৈছে।

ঘটনাৰ খৱৰ পোৱাৰ পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।

আৰক্ষী বিষয়াগৰাকীয়ে কয়, “কোঠাটো ভিতৰৰ পৰা বন্ধ আছিল। আমি দুৱাৰখন ভাঙিছিলোঁ আৰু তেওঁক ভেণ্টিলেটৰ খিৰিকীৰ পৰা ওলমি থকা দেখিছিলো।” তেওঁ জনায় যে তেওঁৰ কোঠাৰ পৰা কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই।

লগতে পঢ়ক: নাবালিকাক উৎপীড়নৰ অভিযোগত গ্ৰেপ্তাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা

বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু তদন্ত চলি আছে।