NORTHEAST NOW (Assamese)
ছিকিম

ছিকিমত ভয়াৱহ দুৰ্ঘটনা: পথৰ পৰা বাগৰি দ খাৱৈত পৰিল ভাৰতীয় সেনাৰ বাহন, ১৬ জোৱানৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 23, 2022 4:54 pm
16 Army jawans killed in Sikkim

পাহাৰীয়া ৰাজ্য ছিকিমত আজি পুৱা সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। ভাৰতীয় সেনাবাহিনীৰ এখন বাহন যাত্ৰাৰত অৱস্থাত পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত প্ৰাণ হেৰুৱাইছে ১৬ গৰাকী জোৱানে।

এই শোকাৱহ দুৰ্ঘটনাত আন চাৰিগৰাকী জোৱান আহত হৈছে। প্ৰকাশিত খবৰ অনুসৰি উত্তৰ ছিকিমৰ লাচেনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জেমা ৩- ত পুৱা প্ৰায় ৮ বজাত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়।

মুঠ ২০ গৰাকী সেনা জোৱান কঢ়িয়াই নিয়া সেনাবাহিনীৰ বাহনখনে সীমান্তৰ শিবিৰসমূহৰ দিশে গৈ আছিল বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

জেমা ৩ অঞ্চলত বক্ৰ পথেৰে গৈ থকা অৱস্থাত বাহনখন পথৰ পৰা পিছলি যায় আৰু শ শ ফুট তললৈ বাগৰি পৰে বুলি বিষয়াগৰাকীয়ে লগতে কয়।

দুৰ্ঘটনাৰ পাছতে তৎকালীনভাৱে চলোৱা উদ্ধাৰ অভিযানত দুৰ্ঘটনাস্থলীৰ পৰা মুঠ ১৬ মৃতদেহ উদ্ধাৰ কৰা হয়। গুৰুতৰভাৱে আহত চাৰিজন সেনা জোৱানৰ স্বাস্থ্যৰ বৰ্তমানৰ অৱস্থা এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।

উদ্ধাৰ হোৱা মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গেংটকৰ চৰকাৰী এছ.টি.এন.এম হাস্পতাললৈ লৈ যোৱা হয়। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ কেইটা সেনাবাহিনীক গতাই দিয়া হ’ব বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।