NORTHEAST NOW (Assamese)
দেশ

বিজেপি সাংসদৰ চৰম উচতনিমূলক মন্তব্য: লগত চোকা অস্ত্ৰ-শস্ত্ৰ ৰাখক, নহ’লে চোকা কৰি ৰাখক ঘৰৰ কটাৰী!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 26, 2022 5:36 pm
Pragya Thakur

দেশত সাম্প্ৰদায়িক বিদ্বেষ উদ্বেগজনক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সাম্প্ৰদায়িকতাৰ এনে উত্থানত শাসনাধিষ্ঠ বিজেপি চৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদগনি যোগোৱা বুলিও গুৰুতৰ অভিযোগ উঠি আহিছে। সাম্প্ৰদায়িকতাবাদৰ এনে চিন্তনীয় বিতৰ্কৰ মাজতে বিজেপি সাংসদ তথা হিন্দুত্ববাদী নেত্ৰী প্ৰজ্ঞা ঠাকুৰে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে।

সততে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা সাধ্বী প্ৰজ্ঞাই এইবাৰ এক চৰম উচতনিমূলক মন্তব্যৰে চৰ্চালৈ আহিছে। বিজেপি সাংসদগৰাকীয়ে পৰোক্ষভাৱে সাম্প্ৰদায়িকতাবাদৰ উচতনি দি দেশৰ হিন্দু ধৰ্মাৱলম্বীসকলক আইন হাতত তুলি লোৱাৰ পৰামৰ্শ দিছে।

সাংসদ ঠাকুৰৰ মতে দেশৰ হিন্দুসকলক তথা হিন্দুৰ মৰ্যাদাত আক্ৰমণ কৰাসকলক প্ৰতিআক্ৰমণ কৰাৰ অধিকাৰ আছে হিন্দুসকলৰ। এই প্ৰত্যুত্তৰ দিয়াৰ বাবে হিন্দু ধৰ্মৰ লোকসকলক লগত চোকা অস্ত্ৰ-শস্ত্ৰ ৰাখিবলৈ পৰামৰ্শ দিছে ঠাকুৰে।

যদিহে লগত তেনে কোনো চোকা অস্ত্ৰ-শস্ত্ৰ নাথাকে, ঘৰত থকা কটাৰীবোৰকে চোকা কৰি ৰাখিবলৈ আহ্বান জনায় প্ৰজ্ঞা ঠাকুৰে।

পৰোক্ষভাৱে মুছলমান সকললৈ আঙুলি টোঁৱাই ঠাকুৰে কয়, “তেওঁলোকৰ জেহাদৰ পৰম্পৰা আছে, যদি কৰিবলৈ একো নাথাকে, তেতিয়া তেওঁলোকে লভ জেহাদকে কৰিব। ভাল পালেও তেওঁলোকে তাতে জেহাদ কৰে। আমি হিন্দুসকলেও ভাল পাওঁ, দেৱতাক ভাল পাওঁ, এজন সন্ন্যাসীয়ে নিজৰ দেৱতাক ভাল পায়।”

দেওবাৰে ভূপালত ‘হিন্দু জাগৰণ বেদিক’ৰ বাৰ্ষিক অধিৱেশনত ভাষণ দি তেওঁ কয়, “সন্যাসীয়ে কয় যে ভগৱানে সৃষ্টি কৰা এই পৃথিৱীত সকলো অত্যাচাৰী আৰু পাপীক শেষ কৰক। যদি সেয়া নহয়, প্ৰেমৰ প্ৰকৃত সংজ্ঞা ইয়াত বাচি নাথাকে। গতিকে লাভ জেহাদত জড়িতসকলক প্ৰত্যুত্তৰ দিয়ক। আপোনালোকৰ কন্যাসকলক সুৰক্ষা দিয়ক, সঠিক মূল্যবোধ শিকাওক।”

ভাষণত সাংসদগৰাকীয়ে কয়, “আপোনালোকৰ ঘৰত অস্ত্ৰ-শস্ত্ৰ ৰাখক, যদি আন একো নাথাকে অন্ততঃ শাক-পাচলি কাটিবলৈ ব্যৱহাৰ কৰা কটাৰী চোকা কৰি ৰাখক। কোনেও নাজানে কেতিয়া কি পৰিস্থিতিৰ সৃষ্টি হ’ব। সকলোৰে আত্মৰক্ষাৰ অধিকাৰ আছে।”

“যদি কোনোবাই আমাৰ ঘৰত অনুপ্ৰৱেশ কৰে আৰু আমাক আক্ৰমণ কৰে, এক উপযুক্ত প্ৰত্যুত্তৰ দিয়াটো আমাৰ অধিকাৰ।”- সাধ্বী প্ৰজ্ঞাই লগতে কয়।

আনহাতে হিন্দু ধৰ্মীয় ছাত্ৰ-ছাত্ৰীক মিছনেৰী প্ৰতিষ্ঠানত শিক্ষা দিয়াৰো বিৰুধিতা কৰে সাধ্বী প্ৰজ্ঞাই। অভিভাৱকসকলক সন্তানক মিছনেৰী প্ৰতিষ্ঠানত শিক্ষা দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দি ঠাকুৰে মিছনেৰী শিক্ষাৰ ফলত অভিভাৱকসকলে নিজৰ বাবে বৃদ্ধাশ্ৰমৰ দুৱাৰ মুকলি কৰাৰ দৰে হ’ব বুলি মন্তব্য কৰে।