NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মহিলাৰ শিক্ষাৰ অধিকাৰলৈ সমৰ্থন: টেলিভিচনত চলি থকা অনুষ্ঠানৰ মাজতে নিজৰ ডিপ্লমা ফালি প্ৰতিবাদ অধ্যাপকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2022 6:52 pm
Afghan professor tears diploma certificate

বিগত বৰ্ষৰ আগষ্টত কট্টৰ ইছলামিক তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশখনৰ মহিলাসকলৰ স্বাধীনতা তথা অধিকাৰ হৰণ কৰি আহিছে। ইছলামিক নীতিৰ আধাৰত মহিলাসকলৰ ওপৰত যথেষ্ট বাধা-নিষেধ আৰোপ কৰা তালিবানে স্ত্ৰী শিক্ষাৰ তীব্ৰ বিৰোধ কৰি আহিছে।

শেহতীয়াকৈ তালিবানে দেশখনৰ মহিলাসকলে বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। তালিবানৰ এই অবিবেচকী সিদ্ধান্তৰ বিৰুদ্ধে দেশখনৰ ৰাজধানী কাবুলৰ ৰাজপথত প্ৰতিবাদ গঢ়ি তুলিছিল আফগান মহিলা-যুৱতীসকলে।

আফগান মহিলাসকলৰ উচ্চ শিক্ষাৰ অধিকাৰৰ সমৰ্থনত কাবুল বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে শেহতীয়াকৈ দেশখনৰ এক টেলিভিচনত অনুষ্ঠান চলি থকাৰ মাজতে নিজৰ ডিপ্লমা ফালি মহিলাৰ বিশ্ববিদ্যালয় শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

নিজৰ শিক্ষাগত প্ৰমাণ-পত্ৰ ফালি পেলোৱাৰ সময়ত তীব্ৰ ক্ষোভেৰে তেওঁ ‘আজিৰ পৰা এই ডিপ্লমাবোৰৰ কোনো প্ৰয়োজন নাই, কিয়নো এই দেশত শিক্ষাৰ কোনো স্থান নাই’ বুলি মন্তব্য কৰে।

সমাজ কৰ্মী শ্ববনম নাছিমীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অধ্যাপকগৰাকীয়ে লগতে ‘যদি মোৰ ভগ্নী আৰু মাতৃয়ে পঢ়িব নোৱাৰে, তেন্তে মই এই শিক্ষা গ্ৰহণ নকৰোঁ’ বুলি মন্তব্য কৰা শুনিবলৈ পোৱা গৈছে।

প্ৰথম অৱস্থাত মহিলা আৰু সংখ্যালঘুৰ অধিকাৰক সন্মান জনাই কিছু শিথিল নিয়মৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো শেহতীয়াকৈ তালিবানে আফগান মহিলাসকলৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ওপৰত অনিৰ্দিষ্টকাললৈ নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্ত ঘোষণা কৰিছিল।

দেশত মানৱ অধিকাৰৰ প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই অনা তালিবান চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰীয়ে এই ঘোষণাত সকলো ৰাজহুৱা আৰু ব্যক্তিগত বিশ্ববিদ্যালয়কে মহিলাসকলক অধ্যয়ন কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিছিল।

তালিবান চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেশখনৰ যুৱতী-মহিলাসকল প্ৰতিবাদত নমাৰ লগতে এই ঘোষণাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তালিবানৰ এই সিদ্ধান্তক আমেৰিকা, ৰাষ্ট্ৰসংঘৰ লগতে কেইবাখনো মুছলমান ৰাষ্ট্ৰয়ো ধিক্কাৰ দিছে।

আফগানিস্তানৰ হেৰাট বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৱাহিদা ৱাহিদ ডুৰাণী নামৰ এগৰাকী ছাত্ৰীয়ে তালিবানৰ এনে নাৰীবিৰোধী নীতিৰ সমালোচনা কৰি আফগান যুৱতী-মহিলাসকল এতিয়া মৃত মানুহ বুলি ক্ষোভ প্ৰকাশ কৰিছিল।

“তেওঁলোকে আমাৰ বিৰুদ্ধে নিজৰ সকলো শক্তি ব্যৱহাৰ কৰিছে। মোৰ ভয় হৈছে যে অতি সোনকালে তেওঁলোকে ঘোষণা কৰিব যে মহিলাসকলক উশাহ ল’বলৈ দিয়া নহ’ব।”— নিজৰ ক্ষোভ উজাৰি এইদৰে কৈছিল ৱাহিদা ৱাহিদ ডুৰাণী নামৰ ছাত্ৰী গৰাকীয়ে।

ক্ষমতা দখল কৰাৰ পিছৰে পৰা তালিবানে মহিলাৰ ওপৰত বহু বাধা আৰোপ কৰিছে। দেশৰ বহু প্ৰদেশত কিশোৰীৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ নিষেধ কৰা হৈছে, মহিলাসকলক বহু চৰকাৰী চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে, পৰিয়াল তথা আত্মীয় পুৰুষ সদস্যৰ অবিহনে যাত্ৰা কৰাত বাধা দিয়া হৈছে।

লগতে মহিলাসকল ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত বোৰ্খাৰে সৰ্বশৰীৰ ঢাকি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি দেশখনত মহিলাসকলক উদ্যান বা বাগিচা, জিম আদিত প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰিছে তালিবানে।

উল্লেখ্য যে, তালিবানৰ এনে নাৰী বিৰোধী নীতিৰ বিৰুদ্ধে দেশখনৰ যুৱতী-মহিলাসকলে পূৰ্বৰে পৰা প্ৰতিবাদ কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে এই প্ৰতিবাদৰ নেতৃত্ব বহন কৰা মানৱ অধিকাৰ কৰ্মীসকলক আটক কৰাৰ পিছত মহিলাসকলৰ প্ৰতিবাদৰ জোৰ কমি আহিছিল।