NORTHEAST NOW (Assamese)
Popular Stories

বিয়াৰ বাবে কেনে ধৰণৰ ছোৱালী পছন্দ ৰাহুল গান্ধীৰ? কংগ্ৰেছ নেতা গৰাকীয়ে নিজেই দিলে উত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 29, 2022 8:34 am

কংগ্ৰেছৰ গুৰিবঠা ধৰা, জনপ্ৰিয় নেতা ৰাহুল গান্ধীয়ে কেনে ধৰণৰ জীৱন সংগী পছন্দ কৰে? তেওঁৰ প্ৰায় দুই দশকজোৰা ৰাজনৈতিক কেৰিয়াৰত তেওঁ প্ৰায়েই স্থানীয় আৰু বিদেশী সংবাদ মাধ্যমৰ পৰা এনে প্ৰশ্নৰ সন্মুখীন হৈ আহিছে। অৱেশেষত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকীয়ে বুধবাৰে প্ৰথমবাৰ ইয়াৰ উত্তৰ দিছে।

বুধবাৰে তেওঁৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি গান্ধীয়ে কয় যে তেওঁৰ আইতা ইন্দিৰা গান্ধী তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰিয় মহিলা। “মোৰ জীৱনৰ প্ৰেম হৈছে ইন্দিৰা গান্ধী। তেওঁ মোৰ দ্বিতীয় মাতৃ। ”

লগতে পঢ়ক: অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰত চন্দ্ৰবাবু নাইডুৰ ‘ৰোড শ্ব’ত অঘটন; পদপিষ্ট হৈ কমেও নিহত ৮ জন

কিন্তু ইন্দিৰাৰ দৰে এগৰাকী মহিলাক বিয়া কৰাটো তেওঁৰ পছন্দ নেকি?

এনে এক প্ৰশ্নৰ উত্তৰত ৫২ বছৰীয়া কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে ঠিক সেইটো নহয়। তেওঁ কয়, “এইটো এটা অতি আমোদজনক প্ৰশ্ন। মই এনে এগৰাকী মহিলা বাছনি কৰিম যাৰ মোৰ মাতৃ (ছোনিয়া গান্ধী) আৰু আইতা (ইন্দিৰা) দুয়োৰে গুণ আছে।”

এতিয়া ৰাহুলৰ বিয়াকলৈ চিন্তিত আত্মীয়-অনুৰাগীসকলে এনে কইনা এগৰাকীৰ সন্ধান দিবলৈ সক্ষম হ’বনে?