NORTHEAST NOW (Assamese)
Popular Stories

শ্বুটিং সম্পূৰ্ণ হোৱাই নাই, ১০০ কোটি টকাত বিক্ৰী হ’ল দক্ষিণৰ চলচ্চিত্ৰৰ হিন্দী স্বত্ব!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2023 7:23 pm

মুক্তিৰ পূৰ্বেই দক্ষিণ ভাৰতীয় নায়ক সুৰিয়াৰ নতুন ছবিখনে এক আলোড়ন সৃষ্টি কৰিছে। তেওঁৰ ছবি ‘সুৰিয়া ৪২’ৰ হিন্দী স্বত্ব ১০০ কোটি টকাত বিক্ৰী কৰা হৈছে। শিবাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ বৰ্তমান মাত্ৰ ৬০ শতাংশহে সম্পূৰ্ণ হৈছে। বাকী অংশৰ দৃশ্যগ্ৰহণ সোনকালেই আৰম্ভ হোৱাৰ কথা।

দৰ্শকেও বিগ বাজেটৰ চলচ্চিত্ৰখনৰ বাবে অপেক্ষা কৰি আছে। চলচ্চিত্ৰখন অহা মাৰ্চৰ ভিতৰত দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পিছত ২০২৩ চনতেই মুক্তি দিয়াৰ কথা আছে।

লগতে পঢ়ক: আফগানিস্তানত তালিবান চৰকাৰৰ বাহিনীৰ অভিযানত ৮ জন ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী নিহত

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰযোজক জয়ন্তলাল গাদাই ছবিখনৰ হিন্দী স্বত্ব ১০০ কোটি টকাত ক্ৰয় কৰিছে। তদুপৰি, তেওঁৰ প্ৰযোজনা কোম্পানীটোৱে ছবিখনৰ ডিজিটেল, টিভি আৰু থিয়েটাৰত বিতৰকৰ স্বত্বও ক্ৰয় কৰিছে। অৱশ্যে, এই সকলোবোৰ ছবিখনৰ হিন্দী সংস্কৰণৰ স্বত্বহে।

বলীউডৰ অভিনেত্ৰী দিশা পাটানীয়ে ছবিখনত সুৰিয়াৰ বিপৰীতে অভিনয় কৰিছে।

লগতে পঢ়ক: তেওঁৰ পত্নী মেগানৰ সন্মুখতে গাত হাত তুলিছিল ভাতৃ উইলিয়ামে; গ্ৰন্থত লিখিলে প্ৰিন্স হেৰীয়ে!

আনহাতে, ‘সুৰাৰাই পট্ৰু’ৰ হিন্দী ৰিমেক এই বছৰ মুক্তি পোৱাৰ কথা। এই ছবিখনত অভিনয়ৰ বাবে সুৰিয়াই যোৱা বছৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।  হিন্দী ৰিমেকত তেওঁৰ চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। অৱশ্যে সুৰিয়াই ছবিখনত অতিথি চৰিত্ৰত অভিনয় কৰিব।