NORTHEAST NOW (Assamese)
অসম

প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2023 3:21 pm
Nazrul Islam

অসমৰ প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ আজি দেহাৱসান ঘটে। দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত চিকিৎসাধীন হৈ আছিল প্ৰবীণ ৰাজনীতিবিদ গৰাকীৰ।

চিকিৎসাধীন অৱস্থাতে আজি দিনৰ প্ৰায় ১২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে তেওঁৰ অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী বয়োজ্যেষ্ঠ নেতা নজৰুল ইছলাম পাঁচবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল।

নজৰুল ইছলাম ১৯৯৬ চনৰ পৰা ২০২১ চনলৈ লাহৰীঘাট সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে পাঁচবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

২০০২ চনৰ ৭ জুনৰ পৰা ২০১৬ চনৰ ২০ মে’লৈ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰতো মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰবীণ নেতাগৰাকীয়ে।