NORTHEAST NOW (Assamese)
অসম

আকৌ ভূমিকম্প! ৰিখটাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2023 7:41 am

পুনৰ এটা শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে ইণ্ডোনেছিয়া। সোমবাৰে নিশা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পটো সংঘটিত হয়। ফলত দেশখনত চুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বিভিন্ন প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

অৱশ্যে, ভূমিকম্পৰ ফলত ক্ষয়ক্ষতিৰ পৰিমাণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই। কিন্তু ভূমিকম্পৰ প্ৰাবল্য তীব্ৰ হোৱালৈ চাই বৃহৎ ক্ষতি আৰু প্ৰাণহানিৰ আশংকা কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, ইণ্ডোনেছিয়াৰ তানিম্বাৰ অঞ্চলত ভূমিকম্প অনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৭.৭। ভূমিকম্পৰ কেন্দ্ৰস্থল ভূগৰ্ভৰ ৯৭ কিলোমিটাৰ গভীৰতাত আছিল।

লগতে পঢ়ক:নিশ্চিহ্ন হৈ যাব নেকি যোশীমঠ! চিৰাচিৰ ফাটে আতংকিত কৰি তুলিছে যোশীমঠক

উল্লেখ্য যেনিচিহ্ন হৈ যাব নেকি যোশীমঠ! যোৱা বছৰ নৱেম্বৰত ইণ্ডোনেছিয়াৰ ভূমিকম্পত হোৱা ক্ষয়ক্ষতি আৰু হতাহতৰ পৰিমান মাৰাত্মক আছিল। ১৫০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল। ঘৰ-বাৰী ভাঙি ধ্বংস হৈছিল। সেইবাৰ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬। সোমবাৰৰ ভূমিকম্প তাতকৈ অধিক তীব্ৰ আছিল।