NORTHEAST NOW (Assamese)
অসম

ভাৰত জোড়ো যাত্ৰাই সলনি কৰি দিয়া ৰাহুলৰ ভাষ্য-‘মই সেই ৰাহুল গান্ধীক মাৰি পেলাইছো’

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 10, 2023 9:23 am

যিজন ৰাহুল গান্ধীক আপোনাৰ মনত আছে মই সেই ৰাহুল গান্ধীক মাৰি পেলাইছো। নিজৰ প্ৰতিচ্ছবিক লৈ ভাৰত-জোড়ো যাত্ৰাত এই অকপট ঘোষণা ৰাহুল গান্ধীৰ। দৰাচলতে, কিছুদিন আগলৈ ৰাহুল বুলি ক’লে মানুহৰ মনত ভাঁহি আহিছিল নিমজ গাল, উজ্জ্বল মুখেৰে এজন যুৱকৰ চেহেৰা। সেই ৰাহুলে আজি ভাৰত জোড়ো যাত্ৰা কৰি আছে।

ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰি আছে। এই যাত্ৰাই ৰাহুল গান্ধীক হেনো ক্ৰমান্বয়ে সলনি কৰিছে। বাহিৰে-ভিতৰে আমূল পৰিৱৰ্তন হৈছে ৰাহুলৰ। এয়া যেন আন এজন ৰাহুল। তেওঁ সমগ্ৰ ভাৰতকে সপোন দেখুৱাইছে।

লগতে পঢ়ক: আকৌ ভূমিকম্প! ৰিখটাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া

ৰাহুল গান্ধীয়ে কয়, “আপুনি মনত থকা সেইজন ৰাহুল গান্ধীক মই মাৰি পেলাইছো। তেওঁ আৰু মোৰ মনতো নাই। তেওঁ গুচি গ’ল। আপুনি দেখা ব্যক্তিজন সেই ৰাহুল গান্ধী নহয়।

এগৰাকী সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয় যে আপুনি বুজি পোৱা নাই। এয়া ৰাহুল গান্ধী নহয়। হিন্দু ধৰ্মৰ বিষয়ে অলপ পঢ়ক। শিৱজীক অলপ পঢ়ক। তেতিয়া মোৰ কথাবোৰ বুজি পাব। ইমান বিচলিত নহ’ব। আপোনাৰ ৰাহুল গান্ধীৰ কথা মনত আছে। মোৰ মনত নাই। ৰাহুল গান্ধী বিজেপিৰ মূৰত আছে। মোৰ মূৰত নাই।

তেওঁ লগতে কয়, ‘’মই ইমেজৰ বিষয়ে গুৰুত্ব নিদিওঁ। মই ইমেজকলৈ আগ্ৰহী নহয়। যিটো ইমেজ আপুনি ৰাখিব বিচাৰে ৰাখি দিয়ক। ভালদৰে ৰাখিব বিচাৰে যদি ৰাখি দিয়ক। যদি বেয়াকৈ ৰাখিব বিচাৰে ৰাখি দিয়ক। ইয়াত মোৰ কামত কোনো প্ৰভাৱ নপৰে। সেয়া আপোনাৰ বিষয়, মোৰ নহয়।‘’ সম্পূৰ্ণ বেলেগ যেন লাগিছে ৰাহুলৰ এই কথা। বহুতেই এই সলনি হোৱা ৰাহুলক আকোঁৱালি লৈছে।

লগতে পঢ়ক: মস্কো-গোৱা বিমানত বোমাতংক! গুজৰাটৰ জামনগৰৰ বায়ুসেনা ঘাটিত জৰুৰী অৱতৰণ

ভাৰত জোড়ো যাত্ৰাত ৰাহুলে সমগ্ৰ দেশত খোজ কাঢ়ি আছে। হাজাৰ হাজাৰ মানুহে তেওঁৰ সৈতে খোজ কাঢ়ি আছে। তেওঁ মানুহৰ কথা মনোযোগেৰে শুনিছে। বহুলোকে কৈছে যে এইবাৰ তেওঁৰ বাটত সংগীৰ অভাৱ নাই। বিৰোধী নেতাসকলেও ৰাহুলৰ যাত্ৰাৰ প্ৰশংসা কৰিছে।

কিন্তু তাৰপিছতো প্ৰশ্নটো হ’ল এই সলনি হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই নিৰ্বাচনী বজাৰত প্ৰভাৱ পেলাব পাৰিবনে?