NORTHEAST NOW (Assamese)
দেশ

কাশ্মীৰত তিনি সেনা জোৱানৰ শোকাৱহ মৃত্যু: সীমান্তত পহৰাৰ সময়তে বাগৰি পৰিল দ খাৱৈত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2023 2:55 pm
3 soldiers killed in JK

জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত কালি সন্ধিয়া শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে তিনি সেনা জোৱানে। সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত টহল দি থকা অৱস্থাত দ খাৱৈত পিছলি পৰাৰ ফলত এগৰাকী জুনিয়ৰ কমিচনড অফিচাৰ (JCO)কে ধৰি তিনিগৰাকী জোৱানৰ মৃত্যু হয়।

সেনাবাহিনীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, মঙলবাৰে জুনিয়ৰ কমিচনড অফিচাৰ আৰু আন দুগৰাকী ৰেংক জোৱানে মেচিল ছেক্টৰত দৈনিক কৰ্তব্য অনুসৰি টহল দি থকাৰ সময়তে তিনিওগৰাকী খাৱৈত পিছলি পৰে।

সেনাৰ এগৰাকী মুখপাত্ৰই ঘটনা সন্দৰ্ভত সবিশেষ বিৱৰণ দি কয় যে মঙলবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত পহৰাদাৰী দলটো ফৰৱাৰ্ড পোষ্টৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত বৰফ ভাঙি খহি পৰাৰ ফলত জুনিয়ৰ কমিচনড অফিচাৰগৰাকী আৰু দুগৰাকী জোৱান খাৱৈত বাগৰি পৰে।

সেনাৰ দলে তাৎক্ষণিকভাৱে অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। বতৰৰ প্ৰতিকূল পৰিস্থিতি আৰু ঘটনাস্থলীৰ প্ৰতিকূলতাৰ মাজতো অনুসন্ধান দলৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত আজি পুৱা ০৪:১৫ বজাৰ পৰা ০৪:৪৫ বজাৰ ভিতৰত তিনিওগৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

নিহত জোৱান কেইগৰাকীক নাইব সুবেদাৰ পৰষোত্তম কুমাৰ, হাবিলদাৰ অমৃক সিং আৰু চিপাহী অমিত শৰ্মা বুলি চিনাক্ত কৰা হৈছে। জম্মু-কাশ্মীৰৰ বিষনাহ অঞ্চলৰ বাসিন্দা পৰষোত্তম কুমাৰে ১৯৯৬ চনত সেনাবাহিনীত যোগদান কৰিছিল।

আনহাতে ২০০১ চনত সেনাবাহিনীত যোগদান কৰা অমৃক সিং হিমাচল প্ৰদেশৰ উনা জিলাৰ বাসিন্দা। হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ বাসিন্দা অমিত শৰ্মাই ২০১৯ চনত সেনাবাহিনীত যোগদান কৰিছিল।

সেনাৰ মুখপাত্ৰগৰাকীয়ে কয় যে তিনিওগৰাকী জোৱানৰ মৃতদেহ নিজ নিজ জন্মস্থানলৈ লৈ যোৱা হ’ব আৰু জন্মস্থানতে তেওঁলোকক সম্পূৰ্ণ সামৰিক সন্মানেৰে শেষকৃত্য প্ৰদান কৰা হ’ব।