NORTHEAST NOW (Assamese)
দেশ

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ মৃত্যৰ ভাবুকি! নাগপুৰস্থিত কাৰ্যালয়লৈ ফোনযোগে দুবাৰকৈ ভাবুকি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 14, 2023 5:28 pm
Nitin Gadkari death threat

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীলৈ মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰিছে অচিনাক্ত দুৰ্বৃত্তই। নাগপুৰস্থিত কাৰ্যালয়ত আজি পুৱাৰে পৰা দুবাৰকৈ ফোন যোগে মৃত্যুৰ ভাবুকি দিয়া হৈছে মন্ত্ৰীগৰাকীক।

সূত্ৰ অনুসৰি এক অচিনাকি ব্যক্তিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ লেণ্ডলাইন নম্বৰত দুবাৰকৈ ফোন কৰি হত্যাৰ ভাবুকি দিয়ে।

লগতে ব্যক্তিগৰাকীয়ে ফোনত নাগপুৰৰ কাৰ্যালয়টো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিয়ো দিয়ে। ইয়াৰ পিছতে কাৰ্যালয়ৰ কৰ্মচাৰীসকলে আৰক্ষীক খবৰ দিয়ে।

জানিব পৰা মতে, পুৱা ১১:৩০ বজাৰ পৰা ১১:৪০ বজাৰ ভিতৰত গাডকাৰীৰ কাৰ্যালয়লৈ একেৰাহে দুটাকৈ ফোন আহিছিল।

এই ফোন লাভৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ঘৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত থকা নাগপুৰ চ’কৰ খামলাত থকা নীতিন গাডকাৰীৰ জনসংযোগ কাৰ্যালয়ৰ হৈ নিকটৱৰ্তী আৰক্ষী থানাত এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু সম্প্ৰতি মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ কৰ্মচাৰীক বিষয়টোৰ সন্দৰ্ভত সোধা-পোছা কৰিছে।

ভাবুকিৰ পৰিপ্ৰেক্ষিতত গাডকাৰীৰ বাসগৃহত নিৰাপত্তাও অধিক শক্তিশালী কৰা হৈছে৷