NORTHEAST NOW (Assamese)
ক্ৰীড়া

ফেশ্যন শ্ব’ৰ মডেলে ভাৰতীয় দলৰ হৈ খেলিব ক্ৰিকেট! আজৱ পৰামৰ্শ ক্ষোভিত গাভাস্কাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2023 2:55 pm
Gavaskar on Sarfaraz Khan

ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ নিৰ্বাচনৰ বাবে ফেশ্যন শ্ব’লৈ যাওক আৰু তাৰ পৰা নিৰ্বাচিত কৰি আনক মডেল। এই অদ্ভুত আৰু আজৱ পৰামৰ্শ আগবঢ়াইছে কিংবদন্তী ক্ৰিকেট তাৰকা সুনীল গাভাস্কাৰে। অৱশ্যে গাভাস্কাৰৰ এই মন্তব্য ঠিক পৰামৰ্শ নহয়, ভাৰতীয় ক্ৰিকেটৰ নিৰ্বাক সমিতিৰ প্ৰতি থকা ক্ষোভৰহে বহি:প্ৰকাশ এয়া।

প্ৰাক্তন তাৰকাগৰাকীয়ে ভাৰতীয় ক্ৰিকেটৰ এক উজ্জল সম্ভাৱনা তথা নৱোদিত তাৰকা ছৰফৰাজ খানৰ প্ৰসঙ্গত এইদৰে তীক্ষ্ণ সমালোচনাৰ লক্ষ্য কৰি লৈছে চেতন শৰ্মাৰ নেতৃত্বাধীন সৰ্বভাৰতীয় বাছনি সমিতিক।

বিগত কেইটামান বৰ্ষ ধৰি ঘৰুৱা ক্ৰিকেটত দুৰন্ত প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা ছৰফৰাজ খানক ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত নকৰাক লৈ ক্ষোভিত হৈ পৰিছে সুনীল গাভাস্কাৰ। দুৰ্দান্ত ফৰ্মত থকা যুৱ তাৰকাগৰাকীয়ে ৰঞ্জী ক্ৰিকেটত চলিত ছিজনৰ লগতে বিগত দুই-তিনিটা ছিজনতো প্ৰদৰ্শন কৰিছে চমকপ্ৰদ বেটিং কলা।

ঘৰুৱা ক্ৰিকেটত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰাৰ পিছতো ছাৰফৰাজক ভাৰতীয় দলত স্থান নিদিয়াক লৈ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে হতাশা প্ৰকাশ কৰিছে। গাভাস্কাৰেও ফৰ্মত থকা যুৱ বেটাৰগৰাকীলৈ সমৰ্থন আগবঢ়াই নিৰ্বাচক সমিতিক তীব্ৰ সমালোচনা কৰিছে।

মূলত: দৈহিক গঠন তথা ফিটনেচৰ বাবে ছৰফৰাজক উপেক্ষা কৰাৰ অভিযোগ তুলি গাভাস্কাৰে নিৰ্বাচকসকলক যদি “স্লিম এণ্ড ট্ৰিম যুৱক”হে প্ৰয়োজন, তেতিয়া ভাৰতীয় দলৰ বাবে মডেল বাছি ল’বলৈ পৰামৰ্শ দিয়ে।

গাভাস্কাৰৰ মতে ফৰ্ম অক্ষুণ্ন ৰাখি ইটোৰ পিছত সিটোকৈ শতক অৰ্জন কৰা ছৰফৰাজে খেলপথাৰত একেই ছন্দ বজাই ৰাখিছে। এনে ধাৰাবাহিকতাই ছৰফৰাজক ক্ৰিকেটৰ বাবে ফিট প্ৰমাণ কৰে বুলি মন্তব্য কৰে গাভাস্কাৰে।

দৈহিক গঠনৰ ওপৰত নিৰ্বাচকৰ গুৰুত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গাভাস্কাৰে কয়, “যদি আপোনালোকে কেৱল ‘শ্লিম এণ্ড ট্ৰিম’ ল’ৰাহে বিচাৰিছে, ফেশ্বন শ্ব’লৈ গৈ কিছুমান মডেল বাছি লওক আৰু তাৰ পিছত তেওঁলোকৰ হাতত বেট আৰু বল তুলি দি তেওঁলোকক দলত অন্তৰ্ভুক্ত কৰক।”

“আপোনালোকৰ সমুখত সকলো আকৃতিৰ আৰু আকাৰৰ ক্ৰিকেটাৰ আছে। আকাৰ অনুসৰি খেলুৱৈৰ নিৰ্বাচন নকৰিব; ৰান আৰু উইকেটৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত লওক।”— গাভাস্কৰে লগতে কয়।

If You Want To Select Slim Guys, Go To Fashion Shows" - Sunil Gavaskar  Slams Selectors For Ignoring Sarfaraz Khan - Cricfit
ছৰফৰাজ খান

উল্লেখ্য যে আগন্তুক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষিত ভাৰতীয় দলত নিৰ্বাচিত হোৱা নাছিল ছৰফৰাজ খান। খেলুৱৈগৰাকীয়ে এইবাৰ দলত স্থান লাভ কৰিব বুলি ক্ৰিকেট বিশেষজ্ঞসকলে আশা প্ৰকাশ কৰিছিল যদিও মূৰকত পুনৰ উপেক্ষিত হয় ছৰফৰাজ।

প্ৰথম দুখন টেষ্টৰ বাবে ঘোষিত ভাৰতীয় দলটোত স্থান নোপোৱাৰ পিছতে শোকত কান্দি পৰা বুলি স্বীকাৰ কৰিছিল ছৰফৰাজে। যুৱ খেলুৱৈগৰাকীৰ ভাষ্য মতে দলত স্থান লাভ নকৰাৰ বাবে অতি নিসংগ অনুভৱ কৰি কান্দি উঠিছিল। পিছত পিতৃৰ সৈতে কথা পাতি তথা অনুশীলন কৰাৰ পাছতহে এই ভাৱ দূৰ হোৱা বুলি কয় ছৰফৰাজে।

অৱশ্যে ভাৰতে উক্ত টেষ্ট শৃংখলাটোত অষ্ট্ৰেলিয়াৰ বিপক্ষে চাৰিখন মেচত অৱতীৰ্ণ হ’ব। শৃংখলাৰ অন্তিম দুখন মেচৰ বাবে ঘোষণা কৰিবলগীয়া দলত ছৰফৰাজে স্থান লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীসকলে।